চিটাৰা ডেস্ক,15 জানুৱাৰীঃঅভিনেত্ৰী আলিয়া ভাটে বুধবাৰে শ্বেয়াৰ কৰে ছবি গংগুবাই কাথিয়াবাড়ীৰ পৰা নিজৰ প্ৰথমটো লুক ৷ শেহতীয়াকৈ ছবিখনৰ মুখ্য অভিনেত্ৰীগৰাকীয়ে চ'ছিয়েল মিডিয়াত শ্বেয়াৰ কৰে নিজৰ এই বিশেষ লুক ৷ 26 বছৰীয়া অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰে ছবিখনৰ প'ষ্টাৰ ৷ ইনষ্টাগ্ৰামযোগে লিখে , "Here she is, Gangubai Kathiawadi#SanjayLeelaBhansali @prerna_singh6 @jayantilalgadaofficial @bhansaliproductions @penmovies."
গংগুবাই কাথিয়াৱাড়ীৰ প্ৰথমটো লুকত চিন্তিত ৰূপত আলিয়া ভাট
গংগুবাই কাথিয়াবাড়ীৰ মৌচন প'ষ্টাৰ মুক্তি পোৱাৰ এদিন পিছতে মু্ক্তি পালে ছবিখনৰ প্ৰথমটো লুক ৷ মুক্তিৰ পিছতে চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আলিয়া ভাটৰ এই বিশেষ লুক ৷
গংগুবাই কাথিয়াবাড়ী
ছবিখনত মাফিয়া কুইন ৰূপত অভিনয় কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ নীলা ব্লাউজ আৰু ৰঙা ৰঙৰ স্কাৰ্টত এইবাৰ পৃথক ৰূপত দেখা গৈছে চুলবুলি অভিনেত্ৰীগৰাকীক ৷ সঞ্জয় লীলা ভাঞ্চালীয়ে নিৰ্মাণ কৰা গংগুবাই কাথিয়াৱাড়ী ছবিখন হুছেইন জাইদিৰ গ্ৰন্থ "মাফিয়া কুইন অফ মুম্বাই" ৰ আধাৰিত নিৰ্মিত ৷
লগতে পঢ়কঃ মাধুৰী দীক্ষিতৰ এখন পুৰণা ফটোৱে পুনৰ জয় কৰিছে অনুৰাগীৰ হৃদয়