চিটাৰা ডেস্ক, ২৫ ডিচেম্বৰ: আজি পৱিত্ৰ বৰদিন । পূৰ্বৰ দৰে নহ'লেও মহামাৰীৰ সংকটৰ মাজতে যীশুখ্ৰীষ্টৰ ওপজা দিনটো উদযাপন কৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে । কৰীণা কাপুৰ খান, কাজল, প্ৰিয়ংকা চোপ্ৰা জোনাচ, ছাৰা আলী খানৰ লগতে বলিউডৰ তাৰকাসকলেও উদযাপন কৰিছে পৱিত্ৰ বৰদিন ।
বৰদিনৰ এদিন পূৰ্বেই জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰ খান আৰু স্বামী চেইফ আলী খানে সমূহ পৰিয়াল বৰ্গৰ সৈতে উদযাপন কৰিছে বৰদিন ।
'জৱ উই মেট'ত অভিনয় কৰা ছাহিদ কাপুৰেও বৰদিন উপলক্ষে পৰিয়ালৰ সৈতে নৈশ ভোজনৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে । মালাইকা অৰোৰাও পৰিয়ালৰ সৈতে বৰদিন উদযাপনৰ ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে । কংগনা ৰানাৱটেও তেওঁৰ ভতিজা পৃথিৱী আৰু পৰিয়ালৰ সৈতে বৰদিন উদযাপনৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে ।