চিটাৰা ডেস্ক,7 ডিচেম্বৰ : আগন্তুক অৰ্থাৎ 2021 বৰ্ষত অধিক পৰিমাণে ব্যস্ত হৈ পৰিব বলিউড অভিনেত্ৰী দীপিকা পাডুকন ৷ কিয়নো উশাহ ল’ব নোৱাৰাকৈ তেওঁৰ হাতত এখনৰ পাচত আন এখন ছবি আহি পৰিছে ৷
উল্লেখ্য যে, 2010 আৰু 2013 বৰ্ষত অভিনেত্ৰী দীপিকাই এটা বছৰত পাঁচখনকৈ ছবি দৰ্শকলৈ আগবঢ়াইছিল ৷ ‘Chhapaak’ ছবিখনত অভিনয় কৰাৰ পাচত তেওঁ আগলৈ কৰা নতুন পৰিকল্পনাৰ বাবে ছবিপ্ৰেমী আশাবাদী ৷
বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকাই আগন্তুক বৰ্ষত 24 ঘণ্টা ধৰি কাম কৰিব বুলি জানিবলৈ দিয়ে ৷ দীপিকাই ‘Nag Ashwin’ ছবিখনেৰে আগন্তুক বৰ্ষৰ আৰম্ভণি কৰিব ৷ ইয়াৰ পাচত আৰু এখন ছবিৰ কামত ব্যস্ত হৈ পৰিব দীপিকা আৰু ছবিখনৰ নাম শীঘ্ৰেই দৰ্শকক জনাব বুলি তেওঁ সদৰি কৰে ৷