অসম

assam

ETV Bharat / sitara

পঞ্চমটো পৰীক্ষাত ক'ভিড-19 নিগেটিভ ওলাল কনিকা কাপুৰৰ

চাৰিটা পৰীক্ষণৰ অন্তত অৱশেষত ক'ভিড-19 নিগেটিভ ওলাল কনিকা কাপুৰৰ ৷ কিন্তু এতিয়াই চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া নহয় কন্ঠশিল্পীগৰাকীক ৷ কিয়নো আৰু এটা পৰীক্ষণত নিগেটিভ নোলোৱা পৰ্যন্ত তেওঁক ৰখা হ'ব সম্পূৰ্ণ নিৰীক্ষণৰ মাজত ৷

Finally! Kanika Kapoor tests negative for COVID-19
পঞ্চমটো ক'ভিড-19 পৰীক্ষণত নিগেটিভ কনিকা কাপুৰ

By

Published : Apr 5, 2020, 2:40 PM IST

চিটাৰা ডেস্ক,5 এপ্ৰিলঃ বলীউডৰ নেপথ্য কন্ঠশিল্পী কনিকা কাপুৰ বিগত কিছুদিনৰ পৰা যথেষ্ট চৰ্চাৰ মাজত আছে ৷ কিয়নো ক'ভিড-19ৰ দৰে বিশ্বক আতংকিত কৰি ৰখা মহামাৰীত আক্ৰান্ত হৈছিল অভিনেত্ৰী গৰাকী ৷ বেবী ডলৰ দৰে হিট গীত গোৱা কন্ঠশিল্পীগৰাকীৰ প্ৰথম চাৰিটা পৰীক্ষণেই কৰ'ণা পজিটিভ ওলোৱাৰ পিছত শেহতীয়াকৈ শনিবাৰে পঞ্চমটো পৰীক্ষণ নিগেটিভ হিচাপে চিহ্নিত হৈছে ৷ এ এন আইৰ টুইটযোগে শনিবাৰে প্ৰকাশ কৰে এই কথা ৷

উল্লেখ্য যে, কন্ঠশিল্পীগৰাকী সম্প্ৰতি লক্ষ্নৌৰ পি.জি.আই হাস্পতালত ভৰ্তি হৈ আছে ৷ উল্লেখ্য যে, ক'ভিড-19ত আক্ৰান্ত প্ৰথমগৰাকী হাই প্ৰফাইল ভাৰতীয়ই হৈছে কনিকা কাপুৰ ৷ পি.জি.আই হাস্পতালৰ পৰিচালকগৰাকীয়ে জনোৱা অনুসৰি , গায়িকা গৰাকীৰ বৰ্তমান শাৰীৰিক স্থিতিক লৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ,কাৰণ তেঁও বৰ্তমান সুস্থ হৈ উঠিছে ৷

শেহতীয়া পৰীক্ষণৰ পূৰ্বে কন্ঠশিল্পীগৰাকীয়ে, এটা যথেষ্ট আৱেগিক প'ষ্ট শ্বেয়াৰ কৰে ৷ পৰিয়ালবৰ্গ আৰু তেওঁৰ সন্তানলৈ মনত পৰিছে বুলি চ'ছিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰাৰ লগতে সকলোৰে সু-স্বাস্থ্য কামনা কৰে অভিনেত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃকৰ'ণা ভাইৰাছঃ গীতেৰে সজাগতা সৃষ্টিৰ বিনম্ৰ প্ৰয়াস ইটিভি ভাৰতৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details