অসম

assam

ETV Bharat / sitara

পিতৃ দিৱসঃ পিতৃ শক্তি কাপুৰক উদ্দেশ্যি শ্ৰদ্ধাৰ বিশেষ বাৰ্তা - অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ

বিশ্বজুৰি পালন কৰা হৈছে পিতৃ দিৱস ৷ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে পিতৃ শক্তি কাপুৰক এক মনোগ্ৰাহী বাৰ্তাৰে প্ৰেৰণ কৰিছে পিতৃ দিৱসৰ শুভেচ্ছা ৷

Father's Day: Shraddha Kapoor wishes dad Shakti Kapoor with adorable post
পিতৃ শক্তি কাপুৰক উদ্দেশ্যি শ্ৰদ্ধাৰ বিশেষ বাৰ্তা

By

Published : Jun 21, 2020, 7:30 PM IST

চিটাৰা ডেস্ক,21জুনঃপিতৃ দিৱস উপলক্ষে অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে পিতৃ শক্তি কাপুৰৰ সৈতে এখন শৈশৱৰ মনোমোহা ফটো শ্বেয়াৰ কৰে ৷

ইনষ্টাগ্ৰামযোগে অভিনেত্ৰী গৰাকীয়ে নিজৰ শিশু কালৰ ফটো শ্বেয়াৰ কৰে ৷ এটা বগা ৰঙৰ ফ্ৰক পিন্ধি পিতৃ শক্তি কাপুৰৰ সৈতে শৈশৱতে উঠা ফটোখনে আকৰ্ষিত কৰিছে বহু অনুৰাগীক ৷

ফটোখনৰ কেপচনত অভিনেত্ৰীগৰাকীয়ে লিখে,"My rock, my strength, my support and always by my side. So thankful to you. So blessed for you. Words can never do justice to express how much I love you.. my precious Baapu Happy Father's Day @shaktikapoor."

ইনষ্টাগ্ৰাম যোগে এই বিশেষ প'ষ্টটো শ্বেয়াৰ কৰাৰ পিছতে ভৰি পৰিছে কমেন্টেৰে ৷ ভাতৃ সিদ্ধান্ত কাপুৰে কমেন্ট কৰিছে এইদৰে ,"Both your smiles."

এই পুৰণি ফটোখনক বহুজনে মৰমলগা আৰু আকৰ্ষণীয় বুলি উল্লেখ কৰিছে ৷

লগতে চাওকঃতাৰকাৰ পিতৃ দিৱস বিশেষ

ABOUT THE AUTHOR

...view details