চিটাৰা ডেস্ক,13 জানুৱাৰীঃ এই বছৰতে বিয়া হ'ব নেকি ফাৰহান আখটাৰ আৰু শিৱানী দাণ্ডেকাৰৰ? বহু দিনৰ পৰাই এই প্ৰশ্ন উত্থাপন হৈ আহিছে বি টাউনবাসীৰ মাজত ৷ শেহতীয়াকৈ ফাৰহানৰ পিতৃ জাৱেদ আখটাৰক এক সাক্ষাতকাৰ যোগে সোধা হৈছিল এই প্ৰশ্ন ৷
তুফান ছবি মুক্তিৰ পিছত ফাৰহান-শিৱানীৰ বিয়া, কি ক'লে পিতৃ জাৱেদ আখটাৰে
বিগত এবছৰৰ পৰা প্ৰেমৰ সম্বন্ধত আছে বলীউড অভিনেতা ফাৰহান আখটাৰ আৰু শিৱানী দাণ্ডেকাৰ ৷ বহু দিনৰ পৰাই এই খবৰ ওলাই আছিল যে, ফৰহানৰ আহিবলগীয়া ছবি তুফানৰ পিছতে দুয়ো আৱদ্ধ হ'ব বিবাহপাশত ৷ এই কথাকে লৈ ফাৰহানৰ পিতৃ তথা প্ৰসিদ্ধ গীতিকাৰ জাৱেদ আখটাৰে ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ৷
ফাৰহান-শিৱানী
জাৱেদ আখটাৰে পুত্ৰৰ এই বিবাহ সন্দৰ্ভত ধেমেলীয়া সুৰত কয়, "মই এতিয়াহে আপোনাৰ পৰা শুনিছো , এদিন পূৰ্বে ফাৰহানৰ জন্মদিনত মই তাৰ লগত আছিলো, কিন্তু সি এই বিষয়ত মোক একোৱেই কোৱা নাই ৷ কিন্তু আপোনালোকেটো জানেই, ল'ৰা-ছোৱালীয়ে বহুত কিবা কিবি লুকুৱায় ৷ "
সূত্ৰৰ দ্বাৰা জানিব পৰা মতে, তুফান ছবি মুক্তিৰ আগতো সম্পন্ন হ'ব পাৰে এই বিবাহ ৷ এতিয়ালৈকে বিবাহৰ তাৰিখ থিক কৰা হোৱা নাই যদিও ফাৰহান আৰু শিৱানীয়ে ইতিমধ্যে আৰম্ভ কৰি দিছে বিবাহৰ সম্পূৰ্ণ প্ৰস্তুতি ৷