চিটাৰা ডেস্ক, 25 আগষ্ট : বলীউডৰ অভিনেতা-অভিনেত্ৰীয়ে অনুৰাগীৰ পৰা বিবাহৰ প্ৰস্তাৱ লাভ কৰাটো নতুন কথা নহয় ৷ কিন্তু এই বিষয়সমূহে তেতিয়াহে সংবাদ শিৰোনাম দখল কৰে যেতিয়া কোনো এগৰাকী তাৰকাই অনুৰাগীৰ এই প্ৰস্তাৱত ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ টাইগাৰ শ্ৰফৰ পৰা বিকী কৌশললৈ, আলিয়া ভাটৰ পৰা কেটৰিণা কাইফলৈ কেইবাগৰাকীও বলীউড অভিনেতাই অনুৰাগীৰ পৰা লাভ কৰিছে বিবাহৰ প্ৰস্তাৱ ৷
শেহতীয়াকৈ এই তালিকাখনত অন্তৰ্ভুক্ত হ’ল অভিনেত্ৰী সোণাক্ষী সিন্হাৰ নাম ৷ মঙলবাৰে নিজৰ আহিবলগীয়া ছবি Kakuda ৰ শ্বুটিঙৰ পৰা এদিনৰ বিৰতি পাইছিল অভিনেত্ৰীগৰাকীয়ে ৷ তেওঁ এই সময়চোৱা নিজৰ ইনষ্টাগ্ৰাম ফলোৱাৰসকলৰ সৈতে মত বিনিময়ৰ লগতে প্ৰশ্ন-উত্তৰ শিতানৰ দ্বাৰা অতিবাহিত কৰাৰ সিদ্ধান্ত লয় ৷
লগে লগে অভিনেত্ৰীগৰাকীয়ে অনুৰাগীসকলৰ পৰা বহু কেইটা প্ৰশ্ন লাভ কৰে ৷ ইয়াত অন্তৰ্ভূক্ত হৈ আছিল তেওঁলৈ অনুৰাগীয়ে দিয়া বিয়াৰ প্ৰস্তাৱো ৷