অসম

assam

ETV Bharat / sitara

ধৰ্মা প্ৰডাক্চনৰ প্ৰাক্তন কাৰ্যবাহী পৰিচালক ক্ষিতিজ ৰবি প্ৰসাদক ন্যায়িক জিম্মালৈ প্ৰেৰণ - NDPSৰ বিশেষ আদালত

Dharmatic Entertainmentৰ প্ৰাক্তন কাৰ্যবাহী পৰিচালক ক্ষিতিজ ৰবি প্ৰসাদক 6 অক্টোবৰলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ NDPSৰ বিশেষ আদালতৰ ৷ ড্ৰাগছ ব্যৱহাৰৰ সন্দেহত NCBয়ে গ্ৰেপ্তাৰ কৰিছিল কাৰ্যবাহী পৰিচালক গৰাকীক ৷

Ex-Dharma man Kshitij Ravi Prasad in judicial custody till October 6
6 অক্টোবৰলৈ ন্যায়িক জিম্মাত ধৰ্মা প্ৰডাক্চনৰ প্ৰাক্তন কাৰ্যবাহী পৰিচালক ক্ষিতিজ ৰবি প্ৰসাদ

By

Published : Oct 3, 2020, 9:08 PM IST

চিটাৰা ডেস্ক,3 অক্টোবৰ: শনিবাৰে NDPSৰ বিশেষ আদালতে Dharmatic Entertainmentৰ প্ৰাক্তন কাৰ্যবাহী পৰিচালক ক্ষিতিজ ৰবি প্ৰসাদক 6 অক্টোবৰলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে,ড্ৰাগছ ব্যৱহাৰৰ সন্দেহত নাৰ্কোটিকছ কন্ট্ৰোল ব্যুৰ’ৱে গ্ৰেপ্তাৰ কৰিছিল কাৰ্যবাহী পৰিচালক গৰাকীক ৷

ইয়াৰ পূৰ্বে NCBয়ে আদালতক জনোৱা অনুসৰি,প্ৰসাদে অন্য এজন ড্ৰাগছ ব্যৱহাৰকাৰী কৰ্মজিৎ আৰু দুই সহযোগীৰ সৈতে ড্ৰাগছৰ সৰবৰাহ কৰিছিল ৷

আনহাতে প্ৰসাদৰ ব্যক্তিগত অধিবক্তা শতীশ মানেচিন্দেই আদালতত কৈছিল যে,ছবি পৰিচালক কৰণ জোহৰৰ বিৰুদ্ধে অভিযোগ দিবলৈ NCBয়ে সকলোকে ব্লেকমেইল কৰি আছে ৷

লগতে পঢ়ক:সুশান্তৰ মৃত্যুৰ তদন্ত : এইমছৰ ফৰেন্সিক দলৰ অন্তিম প্ৰতিবেদন দাখিল

ABOUT THE AUTHOR

...view details