চিটাৰা ডেস্ক, ২ মে': দুদিন পূৰ্বে কিংবদন্তী অভিনেতা দিলীপ কুমাৰক নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাবলৈ হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । অৱশেষত দেওবাৰে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়ে অভিনেতাগৰাকীক । এই কথা তেওঁৰ পত্নী তথা প্ৰবীণ অভিনেত্ৰী ছাইৰা বানুৱে জনায় ।
৯৮ বছৰীয়া অভিনেতাগৰাকীক চিকিৎসকে পৰামৰ্শ দিয়াৰ পিছত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । সম্প্ৰতি সুস্থ বুলি জনায় ছাইৰা বানুৱে । লগতে তেওঁৰ সুস্বাস্থ্য কামনা কৰা প্ৰতিগৰাকীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰে । যোৱা বছৰ মহামাৰীত তেওঁৰ দুই কনিষ্ঠ ভাতৃ আছলাম খান (৮৮) আৰু এহছান খান (৯০)ক হেৰুৱায় ।