অসম

assam

ETV Bharat / sitara

'পি এম নৰেন্দ্ৰ মোডী' সন্মুখত বাধাৰ প্ৰাচীৰ নিৰ্বাচন আয়োগ ! কিন্তু কিয়?

নিৰ্বাচনী আয়োগৰ অভিযোগ অনুসৰি লোকসভা নিৰ্বাচনৰ আগমুহুৰ্তত 5 এপ্ৰিলত 'পিএম নৰেন্দ্ৰ মোডী' মুক্তি লাভ কৰিলে নিৰ্বাচন বিধি উলংঘা হ'ব

পিএম নৰেন্দ্ৰ মোডী

By

Published : Mar 28, 2019, 11:10 AM IST

নিউজ ডেস্ক, 28 মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ ওপৰত আধাৰিত ছবি 'পি এম নৰেন্দ্ৰ মোডী' মুক্তি লাভৰ সময় চমু চাপি অহাৰ লগে লগেই বিপদে লগ নেৰা হৈছে ছবিখনক ৷ নিৰ্বাচন আয়োগে ছবি নিৰ্মাতাক নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ছবিখন মুক্তি দিয়াৰ সন্দৰ্ভত নিজৰ স্থিতি 30 মাৰ্চৰ ভিতৰত স্পষ্ট কৰিবলৈ জাননী প্ৰেৰণ কৰিছে ৷

উল্লেখ্য যে, নিৰ্বাচনী আয়োগৰ অভিযোগ অনুসৰি লোকসভা নিৰ্বাচন 2019 ৰ আগমুহুৰ্তত 5 এপ্ৰিলত 'পিএম নৰেন্দ্ৰ মোডী' মুক্তি লাভ কৰিলে নিৰ্বাচন বিধি উলংঘা হ'ব ৷

বিগত কিছুদিন পূৰ্বে কংগ্ৰেছৰ এক প্ৰতিনিধি মণ্ডলে নিৰ্বাচন আয়োগলৈ লিখিত অভিযোগ যোগে ছবিখনৰ মুক্তি নিৰ্বাচনৰ পাচত দিবলৈ দাবী উত্থাপন কৰে ৷ তাৰোপৰি 19 মে' পাচত ছবিখন মুক্তি দিবৰ বাবে দাবী জনাই কংগ্ৰেছে ৷

আনহাতে, দিল্লীৰ মুখ্য নিৰ্বাচন অধিকাৰী ৰণবীৰ সিঙে কয়, ছবিখনৰ নিৰ্মাতাক ছবিখনৰ মুক্তি সন্দৰ্ভত মন্তব্য কৰিবলৈ 30 মাৰ্চলৈকে সময়সীমা প্ৰদান কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details