অসম

assam

By

Published : Dec 28, 2019, 4:00 PM IST

ETV Bharat / sitara

"জয় আই অসম" ধ্বনিৰে মুখৰিত দৈজিং উৎসৱস্থলী

দৈজিং উৎসৱৰ প্ৰথম নিশাৰ আকৰ্ষণ বলীউড তাৰকা বিশাল-শেখৰ, জনিতা গান্ধী আৰু সুগন্ধা মিশ্ৰা । অনুষ্ঠানৰ মাজতে কন্ঠশিল্পী বিশাল দাদলানীয়ে 'জয় আই অসম' ধ্বনি দি জাতি প্ৰেমেৰে উদ্বুদ্ধ কৰি তোলে উপস্থিত ৰাইজক ৷

Dwijing festival first cultural night
দৈজিং উৎসৱ

চিৰাং,28 ডিচেম্বৰঃশুকুৰবাৰৰ পৰা চিৰাঙত অনুষ্ঠিত হৈ আছে দৈজিং উৎসৱ ৷ লোকে লোকাৰণ্য হৈ পৰিছে দৈজিংস্থলী ৷ দৈজিং উৎসৱৰ নিশা নিজৰ কন্ঠৰ যাদুৰে জীপাল কৰি তুলিছে বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পীসকলে ৷ দৈজিং উৎসৱৰ প্ৰথম নিশাৰ আকৰ্ষণ বলীউড তাৰকা বিশাল-শেখৰ, জনিতা গান্ধী, সুগন্ধা মিশ্ৰা । বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী বিশাল-শেখৰে এটাৰ পিছত আনটো সুমধুৰ গীতেৰে জীপাল কৰি তোলে দৈজিংস্থলী ৷ অনুষ্ঠানৰ মাজতে কন্ঠশিল্পী বিশালে 'জয় আই অসম ' ধ্বনি দি জাতি প্ৰেমেৰে উদ্বুদ্ধ কৰি তোলে উপস্থিত ৰাইজক ৷ লগতে অভিনেত্ৰী তথা কন্ঠশিল্পী সুগন্ধা মিশ্ৰাই উপস্থিত ৰাইজক আহ্লাদিত কৰি তোলে কৌতুক অভিনয় আৰু গীতৰ মাধ্যমেৰে ৷

দৈজিংস্থলী

সুগন্ধা মিশ্ৰাই দৈজিং উৎসৱত উপস্থিত থাকি নিজৰ মনৰ অনুভৱ ব্যক্ত কৰিলে এনেদৰেঃ

অভিনেত্ৰী তথা কন্ঠশিল্পী সুগন্ধা মিশ্ৰা

লগতে পঢ়কঃ ছত্তিশগড়ত ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ

ABOUT THE AUTHOR

...view details