অসম

assam

ETV Bharat / sitara

কংগনাৰ পৰিৱৰ্তিত ব্যক্তিত্ব সন্দৰ্ভত মুখ খুলিছে অনুৰাগ বাসুৱে

কংগনা ৰাণাৱটৰ ব্যক্তিত্বক লৈ বিস্ফোৰক মন্তব্য ছবি নিৰ্মাতা অনুৰাগ বাসুৰ ৷ কংগনাৰ মাজত দুটা চৰিত্ৰ লুকাই থকা বুলি মন্তব্য কৰে নিৰ্মাতা বাসুৱে ৷

By

Published : Dec 28, 2020, 2:07 PM IST

Anurag basu on Kangana Ranaut
অনুৰাগ বাসুৰ মন্তব্য

চিটাৰা ডেস্ক,28 ডিচেম্বৰ : 2006 চনত মুক্তিলাভ কৰা ‘গেংগষ্টাৰ’ ছবিখনৰ জৰিয়তে বলিউডত ভুমুকি মৰা কংগনা ৰাণাৱটৰ পৰিৱৰ্তিত ব্যক্তিত্বক লৈ বিস্ফোৰক মন্তব্য কৰিছে ছবিখনৰ নিৰ্মাতা অনুৰাগ বাসুৱে ৷

অনুৰাগ বাসুৰ মন্তব্য

আৰম্ভণিতে কংগনাৰ পৰামৰ্শদাতা হিচাপে কাম কৰা অনুৰাগ বাসুৱে এক সাক্ষাৎকাৰযোগে কয় যে,আৰম্ভণিতে কংগনাক সকলোতে উপদেশৰ প্ৰয়োজন আছিল ৷ তেওঁ শীঘ্ৰেই সকলো বস্তু শিকি লয় ৷

অনুৰাগ বাসুৰ মন্তব্য

কিন্তু নিৰ্মাতা বাসুৱে কংগনাক ব্যক্তিগতভাৱে জনাত অস্বীকাৰ কৰি কয় যে,তেওঁলোকে সাধাৰণতে ইজনে আনজনক সাক্ষাৎ নকৰে ৷ কিন্তু যেতিয়াই কৰে, তেতিয়াই তেওঁ কংগনাক একেই দেখে ৷ তেওঁ ভাৱে কংগনাৰ মাজত দুটা চৰিত্ৰ লুকাই আছে ৷

আনহাতে বাসুৰ ‘ইমালি’ ছবিখনক নস্যাৎ কৰি কংগনাই মণিকৰ্ণিকাত কাম কৰা সন্দৰ্ভত বাসুৱে কয় যে,কংগনাই তেওঁৰ ছবিখন নস্যাৎ কৰাতো তেওঁৰ বাবে এটা কঠিন ফল আছিল ৷ কংগনাই গেংগষ্টাৰৰ উপৰিও অনুৰাগ বাসুৰ মাৰ্ডাৰ,লাইফৰ দৰে ছবিত কাম কৰিছে ৷

লগতে পঢ়ক :পৰম্পৰাগতভাৱে আৰতীৰে ৰজনীকান্তক স্বাগতম পত্নীৰ : ফটো ভাইৰেল

ABOUT THE AUTHOR

...view details