চিটাৰা ডেস্ক, 28 আগষ্ট : পঞ্জাৱী গায়ক তথা অভিনেতা Yo Yo Honey Singhৰ বিৰুদ্ধে তেওঁৰ পত্নীয়ে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰি আইনৰ কাষ চপাৰ পাচতে ভিন্নজনে ভিন্ন মত পোষণ কৰিছে ৷ এই ঘটনাক লৈ সকলোৰে মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ মাজতে শনিবাৰে দিল্লীৰ হাজাৰি আদালতে(Hazari Court) Honey Singhৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ শুনানি গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ Honey Singhৰ পত্নী শালিনী সিঙে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰি শেহতীয়াকৈ আইনৰ কাষ চাপিছিল ৷
3 আগষ্টত Chief Metropolitan Magistrate তানিয়া সিঙে Honey Singhক এখন জাননী জাৰি কৰি নইডাস্থিত তেওঁলোকৰ যুটীয়া মালিকানাধীন সম্পত্তি(jointly owned property in Noida )ত কোনো তৃতীয় পক্ষৰ অধিকাৰ সৃষ্টি নকৰিবলৈ নিৰ্দেশ দিয়ে ৷ ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইনৰ অধীন(Protection of Women from Domestic Violence Act)ত দাখিল কৰা গোচৰটোৰ ভিত্তিত পত্নীৰ গহনা বা অন্যান্য সামগ্ৰীসমূহৰ ক্ষেত্ৰতো যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা Honey Singhক বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৷
লগতে পঢ়ক :গাৰ্হস্থ্য হিংসাৰ অভিযোগ সন্দৰ্ভত কি ক'লে হানি সিঙে ?
আবেদনখনত 38 বছৰীয়া শালিনীয়ে স্বামীৰ লগতে স্বামীৰ পৰিয়ালৰ লোকে তেওঁৰ ওপৰত শাৰীৰিক, মানসিক আৰু আৱেগিক উৎপীড়ন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷ তেওঁ কয় যে, 2011 চনৰ 23 জানুৱাৰীত বিবাহপাশত আৱদ্ধ হোৱাৰ পাচৰে পৰা তেওঁৰ ওপৰত চলোৱা মানসিক উৎপীড়ন আৰু নিষ্ঠুৰতাৰ বাবে তেওঁ হতাশাত ভুগিছিল ৷