অসম

assam

ETV Bharat / sitara

Divya Agarwal Varun Sood breakup: টেলিভিছন ৰিয়েলিটী শ্ব’ৰ তাৰকা দিব্যা-বৰুণৰ চাৰিবছৰীয়া সম্পৰ্কত মেলিল ফাঁট - দিব্যা আগৰৱালৰ প্ৰেমিক

দেওবাৰে দিব্যা আগৰৱালে ৰাজহুৱাকৈ ঘোষণা কৰিলে প্ৰেমিক বৰুণৰ সৈতে হোৱা ব্ৰেকআপৰ কথা (Divya Varun breakup) ৷ বিগবছ অটিটিৰ বিজয়ী দিব্যাই এটা ইন্ষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে প্ৰকাশ কৰিলে এই কথা (Divya Agarwal Varun Sood breakup) ৷

split
দিব্যা বৰুণ

By

Published : Mar 7, 2022, 1:01 PM IST

চিটাৰা ডেস্ক, 7 মাৰ্চ:টেলিভিছনৰ ৰিয়েলিটী শ্ব’ ৰ তাৰকা দিব্যা আগৰৱাল আৰু বৰুণ সুদৰ চাৰিবছৰীয়া প্ৰেমৰ অন্ত পৰিল (Divya Varun breakup) ৷ এটা ৰিয়েলিটী শ্ব’ট প্ৰথমবাৰৰ বাবে লগ পাইছিল দুয়ো দুয়োকে ৷ তেতিয়াৰ পৰাই অন্তৰংগতা বাঢ়িছিল দিব্যা বৰুণৰ মাজত ৷

দেওবাৰে নিজৰ ইন্ষ্টাগ্ৰামত এটা দীঘল পোষ্টেৰে নিজৰ মনৰ কথা মুকলিকৈ প্ৰকাশ কৰি দিব্যাই ক’লে যে সিদ্ধান্ত এটা লোৱাৰ বাবে সদায় এটা ডাঙৰ ষ্টেটমেন্ট বা কোনো ডাঙৰ কাৰণৰ প্ৰয়োজন নাথাকে ৷ তেওঁ আৰু বৰুণ সদায় ভাল বন্ধু হৈ থাকিব ৷

বৰুণ সুদক এজন ভাল মানুহ হিচাপে গণ্য কৰি দিব্যাই কয় যে তেওঁৰ সৈতে কটোৱা প্ৰতিটো সুখৰ মূহুৰ্ত সদায় দিব্যাৰ মনত জীপাল হৈ ৰ’ব ৷ অনুৰাগীক তেওঁৰ এই সিদ্ধান্তৰ প্ৰতি সন্মান জনাবলৈ অনুৰোধ কৰে তাৰকা গৰাকীয়ে (Divya Varun split) ৷

ব্ৰেকআপৰ খবৰ বিয়পি পৰাৰ লগে লগে সামাজিক মাধ্যমত বৰুণক সুদক লৈ সাংঘাতিক ধৰণে চৰ্চা আৰম্ভ হয় ৷ বৰুণৰ চৰিত্ৰৰ ওপৰত সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ একাংশই প্ৰশ্ন উত্থাপন কৰিলে ৷ সকলোকে একেমুখে উভতি ধৰি দিব্যাই মাত দিলে বৰুণৰ হৈ ৷ তেওঁক এজন সৎ মানুহ হিচাপে গণ্য কৰি সকলোকে সকীয়নী দিয়ে তেওঁৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন নুতুলিবলৈ ৷

জনপ্ৰিয় এই যুঁটিৰ বিচ্ছেদে অনুৰাগীসকলক বিচলিত কৰি তুলিছে (Divya Agarwal Varun Sood breakup) ৷ 2018 বৰ্ষত দিব্যা বৰুণ প্ৰথমবাৰৰ বাবে সংস্পৰ্শলৈ আহিছিল (Divya Varun first meet) ৷

লগতে পঢ়ক:পাঠানৰ দৃশ্যগ্ৰহণৰ বাবে জন-দীপিকা সহ বাদশ্বাহৰ যাত্ৰা অশান্ত ইউৰোপলৈ

ABOUT THE AUTHOR

...view details