অসম

assam

ETV Bharat / sitara

তীব্ৰতৰ হৈছে দীপিকা-ভাঞ্চালীৰ মাজৰ শীতল যুদ্ধ ! - শীতল যুদ্ধ

সঞ্জয় লীলা ভাঞ্চালীৰ তিনিখন ব্লকবাষ্টাৰ ছবিত মুখ্য চৰিত্ৰ ৰূপায়ণ কৰা দীপিকা পাডুকনৰ সৈতে আৰম্ভ হোৱা ভাঞ্চালীৰ শীতল যুদ্ধ ক্ৰমান্বয়ে তীব্ৰতৰ হৈছে । কামক লৈও বৰ্তমান দুয়োৰে মাজত আহি পৰিছে যথেষ্ট ব্যৱধান । কিন্তু কিয় হঠাতে দুয়োৰে মাজত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে !

ক্ৰমান্বয়ে তীব্ৰতৰ হৈছে দীপিকা আৰু ভাঞ্চালীৰ মাজৰ শীতল যুদ্ধ
ক্ৰমান্বয়ে তীব্ৰতৰ হৈছে দীপিকা আৰু ভাঞ্চালীৰ মাজৰ শীতল যুদ্ধ

By

Published : Apr 17, 2021, 1:47 PM IST

চিটাৰা ডেস্ক, ১৭ এপ্ৰিল: বৰ্তমান অভিনেত্ৰী দীপিকা পাডুকন আৰু ছবি নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ মতবিৰোধ ঘটিছে । এজনে আনজনৰ সৈতে একেলগে কাম কৰিবলৈও সন্মত হোৱা নাই । জানিব পৰা মতে, সঞ্জয় লীলা ভাঞ্চালীৰ আগন্তুক ছবি 'গংগুবাই কাঠিয়াৱাড়ী'ৰ বাবে আলিয়া ভাটক চুক্তিবদ্ধ কৰাৰ পিছতেই দীপিকাৰ সৈতে মতানৈক্য হৈছিল । পিছত, পুনৰ দীপিকাৰ আগন্তুক ছবি 'দ্ৰৌপদী'ৰ নিৰ্দেশনাৰ কামো প্ৰত্যাখ্যান কৰে সঞ্জয় লীলা ভাঞ্চালীয়ে ।

ক্ৰমান্বয়ে তীব্ৰতৰ হৈছে দীপিকা আৰু ভাঞ্চালীৰ মাজৰ শীতল যুদ্ধ

ইয়াৰ পিছতে দুয়োৰে মাজত কথিত শীতল যুদ্ধ তীব্ৰতৰ হয় । দীপিকাই অভিনয় কৰিবলগীয়া 'দ্ৰৌপদী' ছবিখনৰ বিষয়ে ২০১৯ চনতে ঘোষণা কৰা হৈছিল । কিন্তু নিৰ্মাতাসকলে এতিয়ালৈকে ছবিখনৰ বাবে এজন পৰিচালক বিচাৰি পোৱা নাই, যিয়ে মহাকাব্যিক কাহিনীটো সুন্দৰ নাটকীয় ৰূপত দাঙি ধৰিব পাৰে । এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি নিৰ্মাতা বিশাল ভৰদ্বাজৰ নাম চৰ্চালৈ আহিছিল যদিও বৰ্তমানেও তেওঁ কাম কৰাৰ সিদ্ধান্ত লোৱা নাই ।

ক্ৰমান্বয়ে তীব্ৰতৰ হৈছে দীপিকা আৰু ভাঞ্চালীৰ মাজৰ শীতল যুদ্ধ

সেয়েহে, দীপিকাই ছবিখনৰ পৰিচালনাৰ বাবে সঞ্জয় লীলা ভাঞ্চালীলৈ প্ৰস্তাৱ আগবঢ়াইছিল । কিন্তু তেওঁ দীপিকাক আচৰিত কৰি নম্ৰতাৰে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে । কিয়নো তেওঁ নিজৰ ড্ৰীম প্ৰজেক্ট 'গংগুবাই কাঠিয়াৱাড়ী', 'হীৰা মণ্ডি' আৰু 'বাইজু বাৱৰা'ৰ কামত অধিক গুৰুত্ব দিছিল । এক সূত্ৰই প্ৰকাশ কৰা মতে, দীপিকা আৰু সঞ্জয় লীলা ভাঞ্চালীৰ সম্পৰ্কত ফাঁট মেলাৰ আঁৰৰ কাৰণ হৈছে যে দীপিকাই 'বাজিৰাও মস্তানি'ৰ পৰিচালকগৰাকীৰ কেইটামান প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল ।

ক্ৰমান্বয়ে তীব্ৰতৰ হৈছে দীপিকা আৰু ভাঞ্চালীৰ মাজৰ শীতল যুদ্ধ

সঞ্জয় লীলা ভাঞ্চালীয়ে দীপিকাক 'গংগুবাই কাঠিয়াৱাড়ী'ত এটি নৃত্য কৰাৰ প্ৰস্তাৱ দিছিল আৰু অভিনেত্ৰীগৰাকীয়ে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে । কেৱল সেয়াই নহয়, 'হীৰা মণ্ডি'তো অতিথি শিল্পী হিচাপে দীপিকাক বিচৰা হৈছিল আৰু দীপিকাই ইয়াৰ বাবে অসন্মত হৈছিল । শেহতীয়া বিবাদৰ পিছত, এতিয়া সঞ্জয় লীলা ভাঞ্চালীৰ ড্ৰীম প্ৰজেক্ট 'বাইজু বাৱৰা'ত ৰণবীৰ কাপুৰ, আলিয়া ভাট আৰু দীপিকাই একেলগে অভিনয় কৰাটো এক সপোন যেন পতিয়মান হৈছে ।

লগতে পঢ়ক:পৰিয়ালৰ সৈতে সাপ্তাহিক বন্ধৰ আনন্দ লৈছে কৰীণা কাপুৰে

ABOUT THE AUTHOR

...view details