অসম

assam

By

Published : Aug 9, 2020, 7:48 AM IST

Updated : Aug 9, 2020, 8:47 AM IST

ETV Bharat / sitara

সুশান্তৰ প্ৰাক্তন মেনেজাৰ দীশাৰ মৃত্যুৰ কিছু মুহূৰ্তৰ পূৰ্বৰ পাৰ্টীৰ ভিডিঅ’ ভাইৰেল

শেহতীয়াকৈ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈছে সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন মেনেজাৰ দীশা চলিয়ানৰ এক নৃত্যৰ ভিডিঅ’ ৷ মৃত্যুৰ পূৰ্বে দীশাই এক পাৰ্টীত উপস্থিত আছিল বুলি অনুমান কৰা হৈছে ৷

Disha Salian dancing at house party, moments before her death
সুশান্তৰ প্ৰাক্তন মেনেজাৰ দীশাই মৃত্যুৰ পূৰ্বে উপভোগ কৰা পাৰ্টীৰ ভিডিঅ’ ভাইৰেল

এন্টাৰটেইনমেন্ট ডেস্ক, 9 আগষ্ট: সময় বাগৰি যোৱাৰ লগে লগে অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাই ন ন ৰহস্যৰ উদঘাটন কৰিছে ৷ ইয়াৰ লগে লগে সুশান্তৰ প্ৰাক্তন মেনেজাৰ দীশা চলিয়ানৰ এক নৃত্যৰ ভিডিঅ’ই শেহতীয়াকৈ খলকনিৰ সৃষ্টি কৰিছে চ’ছিয়েল মিডিয়াত ৷ ভিডিঅ’টিত দেখুওৱা অনুসৰি, মৃত্যুৰ পূৰ্বে দীশাই এক পাৰ্টীত এনেদৰে আনন্দ উপভোগ কৰা বুলি অনুমান কৰা হৈছে ৷

সুশান্তৰ প্ৰাক্তন মেনেজাৰ দীশাই মৃত্যুৰ পূৰ্বে উপভোগ কৰা পাৰ্টীৰ ভিডিঅ’ ভাইৰেল

ভিডিঅ’টিত দীশাই তেওঁ কাম কৰা কোম্পানীটোত ঘনিষ্ঠ বন্ধুসকলৰ সৈতে পাৰ্টী উপভোগ কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, 28 বছৰীয়া দীশাই যোৱা 8 জুনত মুম্বাইৰ মালাদ এলেকাস্থিত তেওঁৰ বাসগৃহৰ 14 নম্বৰ মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল ৷

আৰক্ষীয়ে জনোৱা মতে, মৃত্যুৰ পূৰ্বে দীশাই দুপৰ নিশালৈকে বন্ধুৰ সৈতে পাৰ্টী উপভোগ কৰিছিল আৰু সকলোৱে বহু পৰিমাণে মদ্যপান কৰিছিল ৷

দীশাৰ মৃত্যুৰ পাচতে তেওঁৰ পৰিয়ালে চ’ছিয়েল মিডিয়াযোগে দীশাৰ মৃত্যুক লৈ প্ৰচাৰ হোৱা বিভিন্ন ভুৱা বাতৰিৰ প্ৰত্যুত্তৰ দিয়ে ৷ লগতে দীশাৰ পিতৃ সতীশ চলিয়ানে মুম্বাই আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে ৷

লগতে পঢ়ক:অৱশেষত নিগেটিভ আহিল অভিষেক বচ্চনৰ কৰ'ণা ৰিৰ্প'ট

Last Updated : Aug 9, 2020, 8:47 AM IST

ABOUT THE AUTHOR

...view details