চিটাৰা ডেস্ক,5 ডিচেম্বৰঃ কৃষক প্ৰতিবাদক লৈ টুইটাৰত বাকযুদ্ধত মিলিত হৈছে পাঞ্জাৱী কন্ঠশিল্পী তথা অভিনেতা দিলজীত দোছানঝ আৰু অভিনেত্ৰী কংগনা ৰানাৱট ৷ বিগত 2 ডিচেম্বৰৰ পৰা দুয়োগৰাকী তাৰকাই টুইটাৰ যুদ্ধত লিপ্ত হৈছে যিখন যুদ্ধত দিলজীতৰ জয় হোৱা বুলি ক’ব পাৰি কাৰণ ইয়াৰ পিছতেই দিলজীতে টুইটাৰত 5 লাখ অনুৰাগী লাভ কৰিবলৈ সক্ষম হৈছে ৷
2 ডিচেম্বৰ পৰ্যন্ত দিলজীতৰ টুইটাৰত 3.8 মিলিয়ন অনুৰাগী আছিল ৷ কিন্তু বিগত দুদিনত অনুৰাগীৰ সংখ্যা বৃদ্ধি হৈ 5 মিলিয়ন হয়গৈ ৷ ইয়াৰ প্ৰকৃত কাৰণ হ’ল কংগনাৰ সৈতে তেখেতৰ চলি থকা বাকযুদ্ধ ৷ হাইৱে অভিনেতাগৰাকীয়ে টুইটাৰত #DiljitVsKangana, #DiljitDestroysKangana আদি বিভিন্ন হেছটেগৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছে ৷
এই টুইটাৰ যুদ্ধৰ আৰম্ভণি তেতিয়াই হৈছিল যেতিয়া কংগনা ৰানাৱটে কৃষক প্ৰতিবাদত অংশগ্ৰহণ কৰা এগৰাকী বৃদ্ধাক শ্বাহীন বাগৰ বিলকিশ বানো বুলি ভুল কৰি সমালোচনা কৰিছিল ৷ আৰু তেখেতৰ এই কাৰ্যৰ বিৰুদ্ধে মাত মাতিছিল দিলজীতে ৷ ইয়াৰ প্ৰত্যুত্তৰত দিলজীতে বৃদ্ধাগৰাকীৰ এটি ভিডিঅ’ শ্বেয়াৰ কৰিছিল য’ত বৃদ্ধা গৰাকীক প্ৰশ্ন কৰাত তেখেতে নিজকে মহিন্দৰ কৌৰ বুলি পৰিচয় দিছিল ৷