অসম

assam

By

Published : Aug 21, 2020, 1:15 PM IST

ETV Bharat / sitara

কৰ'ণাত প্ৰাণ গ'ল দিলিপ কুমাৰৰ কনিষ্ঠ ভাতৃৰ

শনিবাৰে মাজ নিশাই ভাতৃদ্বয়ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ দুয়োৰে শৰীৰত ক্ৰমাৎ অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত দুয়োকে ভেন্টিলেটৰত ৰখা বুলি অৱগত কৰে ভাতৃদ্বয়ৰ চিকিৎসাৰ দায়িত্বত থকা চিকিৎসক জলিল পাৰ্কৰে ৷ পৰৱৰ্তী সময়ত দুয়োকে ICU ত ভৰ্তি কৰোৱা হয় ৷

Dilip Kumar
দিলিপ কুমাৰ

এন্টাৰটেইনমেন্ট ডেস্ক, 21 আগষ্টঃ প্ৰায় এসপ্তাহ কৰ'ণা ভাইৰাছৰে যুঁজি অৱশেষত শুকুৰবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা দিলিপ কুমাৰৰ কনিষ্ঠ ভাতৃ অচলাম খানে ৷ মৃত্যু সময়ত তেওঁৰ বয়স আছিল 88 বছৰ ৷

ইফালে কৰ'ণাক্ৰান্ত তেওঁৰ জেষ্ঠ ভাতৃ ইশান খান ৷ ভাতৃদ্বয়ৰ কৰ'ণা ৰিপ'ৰ্ট পজিটিভ অহাৰ পাছতে দুয়োকে লীলাৱতি হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ জানিব পৰা মতে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি আছিল দুই ভাতৃ ৷ ইয়াৰোপৰি পূৰ্বৰে পৰা মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল মৃত অচলাম খান ৷

লগতে পঢ়কঃ সুশান্তৰ মৃত্যু অতি মাৰাত্মক ঘটনাঃ অধিবক্তা বিকাশ সিং

শনিবাৰে মাজ নিশাই ভাতৃদ্বয়ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ দুয়োৰে শৰীৰত ক্ৰমাৎ অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত দুয়োকে ভেন্টিলেটৰত ৰখা বুলি অৱগত কৰে ভাতৃদ্বয়ৰ চিকিৎসাৰ দায়িত্বত থকা চিকিৎসক জলিল পাৰ্কৰে ৷ পৰৱৰ্তী সময়ত দুয়োকে ICU ত ভৰ্তি কৰোৱা হয় ৷ অচলাম খান যিহেতু পূৰ্বৰে পৰা মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ আছিল সেয়ে তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত কিছু জটিলতাই দেখা দিছিল ৷ আনহাতে ভাতৃদ্বয়ৰ বয়সৰ বাবেও বহু সমস্যাই দেখা দিয়া বুলি অৱগত কৰে ড. জলিল পাৰ্কৰে ৷

লগতে পঢ়কঃনাবালকক যৌন উৎপীড়নৰ অভিযোগত উড়িশা আৰক্ষীৰ জালত ব্ৰিটিছ নাগৰিক

ABOUT THE AUTHOR

...view details