চিটাৰা ডেস্ক, ৩ ছেপ্টেম্বৰ:এমাহৰ ভিতৰতে দুজনকৈ ভাতৃক হেৰুৱাই শোকবিহ্বল হৈ পৰিছে প্ৰবীন অভিনেতা দিলীপ কুমাৰ। আছলাম খানৰ পিছত COVID-19ত আক্ৰান্ত হৈ কৰুণ মৃত্যুক আকোঁৱালি ল'লে দিলীপ কুমাৰৰ ভাতৃ এহছান খানে। হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ সমস্যাত ভূগি থকা ৯০বছৰীয়া এহছান খানক মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। চিকিত্সাধীন হৈ থকা সময়তে তেওঁৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰে। বুধবাৰে নিশা ১১বজাত এহছান খানৰ দেহাৱসান ঘটে। ইয়াৰ পূৰ্বে প্ৰবীন অভিনেতাগৰাকীৰ কনিষ্ঠ ভাতৃ আছলাম খানৰো COVID-19ত আক্ৰান্ত হৈ মৃত্যু হয়। যোৱা ১৬ আগষ্টত চিকিত্সালয়ত ভৰ্তি কৰোৱাৰ পিছত ২১ আগষ্টত আছলাম খানৰ দেহাৱসান ঘটে। কনিষ্ঠ ভাতৃৰ মৃত্যুৰ এমাহ নৌহওতেই পুনৰ আন এজন ভাতৃক হেৰুৱাই শোকত ভাগি পৰিছে প্ৰবীন অভিনেতা দিলীপ কুমাৰ।
প্ৰবীন অভিনেতা দিলীপ কুমাৰৰ ভাতৃ এহছান খানৰ পৰলোকপ্ৰাপ্তি
COVID-19ৰে যুঁজি অৱশেষত মৃত্যুৰে হাৰ মানিলে প্ৰবীন অভিনেতা দিলীপ কুমাৰৰ ভাতৃ এহছান খানে । বুধবাৰে নিশা ১১ বজাত মুম্বাইৰ লীলাৱতী হাস্পতালত ৯০বছৰীয়া এহছান খানৰ দেহাৱসান ঘটে । যোৱা ২১আগষ্টত প্ৰবীন অভিনেতাগৰাকীৰ কনিষ্ঠ ভাতৃ আছলাম খানৰো মৃত্যু হয় ।
প্ৰবীন অভিনেতা দিলীপ কুমাৰৰ ভাতৃ এহছান খানৰ পৰলোকপ্ৰাপ্তি