চিটৰা ডেস্ক,19 জুলাইঃ মুক্তি পালে ছবি দিল বেচাৰাৰ নতুন গীত খুলকে জিনে কা ৷ এই গীতটোৰ সংগীত ব্যৱস্থাপনা এ.আৰ.ৰহমানৰ ৷ দেওবাৰে মুক্তি পোৱা ছবিখনৰ এই বিশেষ গীতটোত দেখা গৈছে সুশান্ত আৰু সঞ্জনাৰ ৰোমান্টিক কেমেষ্ট্ৰী ৷
অমিতাভ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত এই গীতটোত কন্ঠদান কৰিছে অৰিজিৎ সিং আৰু শাশা নিৰুপতিয়ে ৷ এ.আৰ.ৰহমানে এই গীতৰ সুৰ লৈছে তামিল গীত কন্নিল অৰু থলী ৰ পৰা ৷ অৱশ্যে এতিয়ালৈ মুক্তি পোৱা নাই তামিল গীতটো ৷