চিটাৰা ডেস্ক,7জুলাইঃ মুক্তি পালে বলীউডৰ প্ৰসিদ্ধ অভিনেতা সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবিৰ ট্ৰেইলাৰ ৷ সুশান্ত সিঙৰদিল বেচাৰা নামৰ অন্তিম ছবিখনত সুশান্তৰ সৈতে অভিনয় কৰিছে সঞ্জনা সাংঘী নামৰ নৱাগতা অভিনেত্ৰীগৰাকীয়ে ৷
অনুৰাগীসকলৰ বাবে ছবিখন যথেষ্ট বিশেষ কাৰণ এইখন সুশান্তৰ জীৱনৰ অন্তিমখন ছবি ৷ ছবিখনৰ ট্ৰেইলাৰটো মুক্তি পোৱাৰ পিছতে ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চিত হৈ পৰিছে ট্ৰেইলাৰটো ৷ সকলোৱে যথেষ্ট পচন্দ কৰিছে সুশান্তৰ অভিনয় ৷ অভিনেতাগৰাকীক লৈ ভাবুক হৈ পৰিছে তেওঁৰ সকলো অনুৰাগী ৷
ট্ৰেইলাৰটোত সুশান্তই কোৱা এটা সংলাপে চুই গৈছে সকলোৰে হৃদয় ৷ সংলাপটো আছিল এনেধৰণৰঃ "জন্ম মৃত্যু কাৰো হাতত নাই কিন্তু যেতিয়ালৈকে জীৱনটো আছে, কেনেকৈ জীয়াই থাকিব লাগে, সেয়া সম্পূৰ্ণ আমাৰ হাতত আছে ৷"
বহুজনে সংলাপটো পচন্দ কৰাৰ লগতে প'ষ্ট কৰিছে নিজৰ নিজৰ ছ'চিয়েল মিডিয়া একাউন্টত ৷