চিটাৰা ডেস্ক,6জুলাইঃসোমবাৰে মুক্তি পালে সদ্যপ্ৰয়াত বলীউডৰ প্ৰসিদ্ধ অভিনেতা সুশান্ত সিং ৰাজপুতৰ শেষৰখন ছবি দিল বেচাৰাৰ বহু প্ৰত্যাশিত ট্ৰেইলাৰটো ৷ য'ত অভিনেতা গৰাকীৰ লগত মুখ্য চৰিত্ৰত অভিনয় কৰিছে নৱাগত অভিনেত্ৰী সঞ্জনা সাংঘীয়ে৷
সুশান্তৰ অনুৰাগীসকলে বহু আশাৰে ৰৈ আছিল ট্ৰেইলাৰটোৰ বাবে ৷ সুশান্তৰ অনুৰাগীসকলে ছবিখন ছবিগৃহত চোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও কৰ'ণাৰ প্ৰভাৱৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল ৷
সেয়ে ছবিখন বৰ্তমান ডিজিটেলি মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ সুশান্তৰ সৈতে অভিনয় কৰা অভিনেত্ৰী সঞ্জনা সাংঘীয়ে এই ছবিখনৰ জৰিয়তে বলীউড জগতত পদাৰ্পণ কৰিছে ৷ ছবিখনক লৈ সুশান্তৰ বহু অনুৰাগী যথেষ্ট সুখী, উৎসাহী আৰু আৱেগিক হৈ পৰিছে৷