চিটাৰা ডেস্ক,২৯ মাৰ্চ: দেওবাৰে নিশা মালদ্বীপ ভ্ৰমণৰ কিছু ভাল লগা মুহুৰ্তৰ ফটো ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰিলে বলীউডৰ অভিনেত্ৰী দিয়া মিৰ্জাই । ব্যৱসায়ী স্বামী বৈভৱ ৰেখিৰ সৈতে মধুচন্দ্ৰিকা উদযাপন কৰিবলৈ গৈছিল দিয়া । কিন্তু এই সময়খিনি দুয়োৰে বাবে বিশেষ হৈ পৰাৰ আঁৰত আছে আন এক কাৰণ । দিয়া আৰু বৈভৱৰ সৈতে মালদ্বীপ ভ্ৰমণৰ বাবে গৈছে বৈভৱৰ কন্যা ছমাইৰা ৰেখি ।
ছমাইৰা হৈছে বৈভৱৰ আৰু তেওঁৰ প্ৰথম পত্নী সুনয়নাৰ কন্যা । বৈভৱে প্ৰথমে যোগ প্ৰশিক্ষক সুনয়না ৰেখিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । আনহাতে, দিয়া মিৰ্জাই যোৱা ফেব্ৰুৱাৰী মাহত বৈভৱৰ সৈতে বিয়াত বহিছিল । এয়া দিয়াৰ দ্বিতীয় বিবাহ । এগৰাকী মহিলা পুৰোহিতে সম্পন্ন কৰিছিল দিয়া-বৈভৱৰ বিবাহ ।