অসম

assam

ETV Bharat / sitara

অভিনেত্ৰী দীপিকাৰ মেনেজাৰ কৰিশ্মাক পুনৰ NCBৰ তলব - নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্য়ুৰ'

নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্য়ুৰ'ই বুধবাৰে পুনৰ জেৰাৰ বাবে তলব কৰিলে অভিনেত্ৰী দীপিকা পাডুকণৰ মেনেজাৰ কৰিশ্মা প্ৰকাশক। ড্ৰাগছ সৰবৰাহকাৰী আৰু বলীউড তাৰকাৰ মাজত সংযোগ স্থাপন কৰাত জড়িত থকাৰ সন্দেহত পুনৰ নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্য়ুৰ'ৰ জেৰা। মঙলবাৰে কৰিশ্মাৰ বাসগৃহৰ পৰা ড্ৰাগছ জব্দ কৰাৰ পিছতে জেৰাৰ বাবে তলব।

দীপিকাৰ মেনেজাৰ কৰিশ্মাক পুনৰ NCBৰ তলব
দীপিকাৰ মেনেজাৰ কৰিশ্মাক পুনৰ NCBৰ তলব

By

Published : Oct 28, 2020, 11:57 AM IST

নেশ্যনেল ডেস্ক, ২৮ অক্টোবৰ: বলীউড অভিনেত্ৰী দীপিকা পাড়ুকণৰ মেনেজাৰ কৰিশ্মা প্ৰকাশৰ বাসগৃহৰ পৰা মঙলবাৰে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্য়ুৰ'ই ১.৮ গ্ৰাম ড্ৰাগছ জব্দ কৰে। অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ পিছতে ড্ৰাগছৰে বলীউড তাৰকাৰ সম্পৰ্কৰ এক নতুন অধ্যায় পোহৰলৈ আহিছিল। ইয়াৰ পিছতে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্য়ুৰ'ৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছিল ইজনৰ পিছত সিজন বলীউডৰ জনপ্ৰিয় তাৰকা আৰু তেওঁলোকৰ সহায়ক।

এই তালিকাত অন্তৰ্ভুক্ত হৈছিল অভিনেত্ৰী দীপিকা পাড়ুকণ আৰু মেনেজাৰ কৰিশ্মা প্ৰকাশৰ নাম। ছেপ্টেম্বৰ মাহতো নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্য়ুৰ'ই জেৰা চলাইছিল কৰিশ্মাক। বুধবাৰে পুনৰ জেৰাৰ বাবে তলব কৰা হৈছে কৰিশ্মা প্ৰকাশক। নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্য়ুৰ'ৰ বিষয়াই প্ৰকাশ কৰিছে যে, কৰিশ্মাৰ বাসগৃহত অভিযান চলোৱাৰ সময়ত ১.৮ গ্ৰাম ওজনৰ হেছিছ নামৰ ড্ৰাগছ জব্দ হয়। গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীৰ এজনে জেৰাৰ সময়ত কৰিশ্মাৰ নাম লৈছিল।

নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্য়ুৰ'ৰ বিষয়াই দাবী কৰিছিল যে, বাৰ্ছ'ভা এপাৰ্টমেণ্টতো কৰিশ্মাৰ আন এটা ঘৰ আছে। অৱশ্যে কৰিশ্মাৰ অধিবক্তাই এই কথা অস্বীকাৰ কৰিছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে যোৱা মাহত এই সন্দৰ্ভত দীপিকা, সাৰা আলী খান, শ্ৰদ্ধা কাপুৰ, ৰকুল প্ৰীত সিং আৰু আন কেইবাগৰাকী লোকৰ জবানবন্দী লৈছিল। আনহাতে, সুশান্তৰ মৃত্যুৰে জড়িত থকাৰ সন্দেহত এতিয়ালৈকে ২৩টা ড্ৰাগছ সৰবৰাহকাৰীক নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্য়ুৰ'ই গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক:কিয় বিখ্যাত "Joseph burn in grace" শীৰ্ষক চিনেমাখন ?

For All Latest Updates

ABOUT THE AUTHOR

...view details