অসম

assam

ETV Bharat / sitara

চপ্পক ছবিত কিয় অভিনয় কৰিছে দীপিকা পাডুকনে ? - এচিড আক্ৰমণৰ বলি

দীপিকাই ক'লে চপ্পকত অভিনয়ৰ আঁৰৰ কথা ৷ দীপিকাই অনুভৱ কৰে,যেতিয়া কাহিনীসমূহ মানুহৰ মাজলৈ লৈ যোৱা হয় তেতিয়া সমাজ,দেশ আৰু পৃথিৱীৰ বাবে যথেষ্ট ভাল হয় ৷ এনকুৱা ধৰণৰ কাহিনীসমূহ উপস্থাপনৰ জৰিয়তে সমাজলৈ প্ৰভাৱ আনিব বিচাৰে বুলি জনায় অভিনেত্ৰীগৰাকীয়ে ৷

deepika padukone
দীপিকা পাডুকন

By

Published : Jan 1, 2020, 3:01 PM IST

চিটাৰা ডেস্ক,1 জানুৱাৰীঃনিজৰ আহিবলগীয়া ছবি চপ্পকক লৈ যথেষ্ট ব্যস্ত অভিনেত্ৰী দীপিকা পাডুকন ৷ ছবিখনৰ প্ৰচাৰৰ কামত ব্যস্ত অভিনেত্ৰীগৰাকী ৷ চপ্পকৰ প্ৰচাৰৰ মাজতে মঙলবাৰে অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে যে,ছবিখনৰ জৰিয়তে সমাজত প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে ৷ অভিনেত্ৰীগৰাকীয়ে এ. এন.আইক জনাই যে,"মই এই ছবিখনত কাম কৰাৰ লগতে ছবিখন নিৰ্মাণ কৰিব বিচাৰিছিলো কাৰণ এনেকুৱা কাহিনী যিমান বেছিকৈ মানুহৰ মাজলৈ যাব,সিমানেই সমাজ,দেশ আৰু পৃথিৱীৰ বাবে ভাল ৷ "

দীপিকা পাডুকন

এই বাৰ্তা দিয়াটো গুৰুত্বপূৰ্ণ যে,"লক্ষ্মী আৰু তেওঁৰ দৰে যোদ্ধাসমূহ আমাৰ বাবে প্ৰেৰণা ৷ মই এই চিনেমাখন বনাব বিচাৰিছিলো কাৰণ মানুহে যাতে জানক এনেধৰণৰ ঘটনা হোৱাৰ পাছতো তেওঁলোকে কেনেধৰণে নিজৰ জীৱনটো সফলৰূপে আগুৱাই নিছে ৷ "

এচিড আক্ৰমণৰ বলি হোৱা মানুহৰ প্ৰতি সমাজৰ ব্যৱহাৰৰ কথা জনাই অভিনেত্ৰীগৰাকীয়ে কয়," এখন সমাজত আমি তেওঁলোকৰ সৈতে সমান ব্যৱহাৰ নকৰো ৷ আমি তেওঁলোকক জ্ঞান কৰো বিকলাংগৰূপে ৷ কিন্তু তেওঁলোকৰ জীৱন পৃথক নহয় ৷ তেওঁলোক আমাৰ নিচিনাই ৷ আমি নিজৰ বাবে যেনেকুৱা ব্যৱহাৰ আশা কৰো, তেওঁলোককো আমি তেনেকুৱা ব্যৱহাৰেই কৰিব লাগে ৷ তেওঁলোকক সকলোৰে দৰে সমান ব্যৱহাৰ কৰাটো যথেষ্ট প্ৰয়োজনীয় ৷"

ছবিখনৰ বিষয়ে অভিনেত্ৰীগৰাকীয়ে কয় যে,"বহুকেইটা সৰু সৰু প্ৰভাৱশালী সামাজিক বাৰ্তা ছবিখনৰ মাধ্যমেৰে মানুহৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰা হৈছে ৷ "মূলতঃ ছবি চপ্পকখন বাস্তৱ জীৱনৰ যোদ্ধা তথা এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মীৰ জীৱনৰ ওপৰত আধাৰিত ৷ 2005 চনত 15 বছৰ বয়সতে লক্ষ্মীক এগৰাকী প্ৰেমিকে এচিডেৰে আক্ৰমণ কৰিছিল ৷ ছবিখনত দীপিকাই লক্ষ্মীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ৷

লক্ষ্মীয়ে এচিড আক্ৰমণৰ পিছত বহুকেইটা চাৰ্জাৰী কৰিব লগা হৈছিল ৷ জীৱনৰ এই যুদ্ধত কেতিয়াও হাৰ নমনা লক্ষ্মীয়ে পৰৱৰ্তী সময়ত,এচিড আক্ৰমণৰ বলি হোৱা অন্য মহিলাসকলক সহায় কৰিবলৈ ল'লে ৷

উল্লেখ্য যে,এই বৰ্ষৰ 10 জানুৱাৰী তাৰিখে মুক্তি পাব অতিকা চৌহানৰ দ্বাৰা ৰচিত মেঘনা গুলজাৰৰ দ্বাৰা পৰিচালিত চপ্পক ছবিখন ৷

ABOUT THE AUTHOR

...view details