চিটাৰা ডেস্ক, 11 জুলাই: বলীউড ডিভা দীপিকা পাডুকন(Deepika Padukone) আৰু অভিনেতা কাৰ্তিক আৰিয়নে(Kartik Aaryan) পৰিচালক সঞ্জয়লীলা ভাঞ্চালী(Sanjay leela bhanshali)ৰ মুম্বাইস্থিত কাৰ্যালয়লৈ যোৱাৰ পাছতে এতিয়া আৰম্ভ হৈছে বহু জল্পনা-কল্পনা । দুয়োগৰাকী তাৰকাই ভাঞ্চালীৰ পৰৱৰ্তী ছবিত কাম কৰিব বুলিও গুজব উঠিছে । শুকুৰবাৰে দীপিকা আৰু কাৰ্তিকে পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ জুহুস্থিত কাৰ্যালয়ত এক আলোচনাত মিলিত হোৱাৰ বাবে উপস্থিত হয় ।
সঞ্জয়লীলা ভাঞ্চালীৰ কাৰ্যালয়ত দুয়ো উপস্থিত হোৱা সময়ৰ ফটো আৰু ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ পাছতে দুয়োৰে পৰৱৰ্তী ছবিক লৈ চৰ্চা আৰম্ভ হৈছে । কিন্তু এয়া প্ৰথমবাৰৰ বাবে নহয়, কাৰ্তিকে ইয়াৰ পূৰ্বেও ভাঞ্চালীৰ কাৰ্যালয়লৈ গৈছিল । কাৰ্তিক আৰিয়ন আৰু সঞ্জয়লীলা ভাঞ্চালীয়ে এটা প্ৰজেক্টৰ বিষয়ে আলোচনা কৰিবলৈ কেইবাবাৰো আলোচনাত মিলিত হৈছে ।
শুকুৰবাৰে একেটা দিনতে কাৰ্তিকৰ দৰেই দীপিকায়েও ভাঞ্চালীৰ কাৰ্যলয়ত উপস্থিত হোৱাৰ পাছত চৰ্চা আৰম্ভ হৈছে ৷ ইয়াৰ পূৰ্বে দীপিকা আৰু কাৰ্তিকে একেখন ছবিত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল । কিন্তু সেয়া এতিয়াও বাস্তৱায়িত হোৱা নাই ।