চিটাৰা ডেস্ক,21 জানুৱাৰীঃ বলীউড অভিনেত্ৰী দীপিকা পাডুকনে মানসিক স্বাস্থ্য সজাগতা অভিযানৰ বাবে বিশ্ব আৰ্থিক মঞ্চৰ পৰা লাভ কৰে 'ক্ৰিষ্টেল এৱাৰ্ড" ৷ পুৰস্কাৰ গ্ৰহণৰ সময়ত দীপিকাই মানসিক দুৰৱস্থাৰ সৈতে নিজে যুঁজ দিয়াৰ অনুভৱ ব্যক্ত কৰে ৷ লগতে ইয়াৰ পৰিণতিত কেনেকৈ দীপিকাই দ্য লাইভ লাভ লাফ ফাউণ্ডেছনটো গঠন কৰে সেই সকলোখিনি কথাই ব্যক্ত কৰে ৷
মানসিক স্বাস্থ্য সজাগতা অভিযানৰ বাবে দীপিকা পাডুকনলৈ গ্লৱেল এৱাৰ্ড - ক্ৰিষ্টেল এৱাৰ্ড
বঁটা গ্ৰহণ কৰি দীপিকাই ব্যক্ত কৰে এটা সময়ত নিজৰ মানসিক দুৰৱস্থাৰ বিষয়ে ৷ যাৰ পৰিণতিত দীপিকাই আৰম্ভ কৰে 'দ্য লাইভ লাভ লাফ ফাউণ্ডেছন ' ৷
বলীউড ডিভা গৰাকীয়ে ব্যক্ত কৰে যে, "মোৰ জীৱনৰ এই হতাশাৰ সময়ছোৱাত মই বুজি পালোঁ, মানসিক বেমাৰৰ ক্ষেত্ৰত সজাগতা তেনেই কম ৷ সেয়ে মই ভাবিলো যদি মই এজনক হ'লেও সহায় কৰিব পাৰো তেন্তে বহুত সহায়ক হ'ব ৷" লগতে ক'লে যে, মানুহৰ মাজলৈ গৈ মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰি অনুপ্ৰেৰণা দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰিয়েই তেওঁ গঠন কৰিলে দ্য লাইভ লাভ লাফ ফাউণ্ডেছন ৷ 2015 চনৰ জুন মাহৰ পৰাই অভিনেত্ৰীগৰাকীয়ে চলাই আহিছে এই বিশেষ ফাউণ্ডেছনটো ৷ এই ফাউণ্ডেছনটোৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে ৰাষ্ট্ৰজুৰি জন সজাগতাৰ লগতে কিশোৰসকলৰ মানসিক স্বাস্থ্য আৰু গ্ৰামীণ সম্প্ৰদায়ত উপচাৰৰ বিষয়সমূহ সাঙুৰি লৈছে ৷
লগতে পঢ়কঃ গুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেতা বিবেক অৱেৰয়