অসম

assam

ETV Bharat / sitara

Arha Welcomes Allu Arjun: কন্যা আৰ্হাৰ মৰমৰ আৱেশত আল্লু অৰ্জুন - ডুবাইত আল্লু অৰ্জুন

‘পুষ্পা: দ্য ৰাইজ’ৰ অপাৰ সফলতা বাৰুকৈয়ে উপভোগ কৰিছে তেলেগু অভিনেতা আল্লু অৰ্জুনে ৷ 16 দিনকৈ ডুবাইত বন্ধৰ দিন উদযাপন কৰি ঘৰলৈ উভতি অহা পিতৃ আল্লু অৰ্জুনক কেনেদৰে ৱেলকাম (Arha Welcomes Allu Arjun) কৰিলে আৰ্হাই চাওঁক...

ଘରକୁ ଫେରିଲେ ଅଲୁ ଅର୍ଜୁନ, ନାନାଙ୍କୁ ଫୁଲରେ ସ୍ବାଗତ କଲେ ଝିଅ ଅରହା
পিতৃ আল্লু অৰ্জুনক সুন্দৰকৈ ৱেলকাম কৰিলে আৰ্হাই

By

Published : Jan 29, 2022, 10:17 PM IST

চিটাৰা ডেস্ক, 29 জানুৱাৰী: ‘ৱেলকাম নানা’ দেখি আনন্দত অভিভূত হৈ পৰিল আল্লু অৰ্জুন ৷ শনিবাৰে ঘৰলৈ উভতি অহা অভিনেতাজনক ফুল-পাতৰ পাপৰিৰে ‘ৱেলকাম নানা’ লিখি উষ্ম আদৰণি জনালে কন্যা আৰ্হাই (Arha Welcomes Allu Arjun)৷

আৰ্হাই পিতৃক জনালে উষ্ম আদৰণি

নিজৰ ইন্ষ্টাগ্ৰামত এই সুন্দৰ মূহুৰ্তৰ ফটো পোষ্ট কৰি আল্লুৱে লিখিলে, ‘sweetest welcome 💖 after 16 days abroad’ ৷ আল্লু অৰ্জুনৰ কন্যা আল্লু আৰ্হাই ‘শকুন্তলম’ ছবিৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিব ৷ মোহময়ী অভিনেত্ৰী সামান্থা ৰুথ প্ৰভূ আৰু দেৱ মোহনে মুখ্য চৰিত্ৰত অভিনয় কৰিব ছবিখনত ৷ ছবিখন এখন পৌৰাণিক ছবি ৷

‘পুষ্পা: দ্য ৰাইজ’ৰ অপাৰ সফলতাৰ পিছত ডুবাইত 16 দিনৰ বাবে বন্ধ উদযাপন কৰিলে অভিনেতাজনে ৷ শনিবাৰে ঘৰলৈ বুলি উভতি অহা পিতৃক লৈ উৎসুক হৈ থকা আৰ্হাই পিতৃক জনালে উষ্ম আদৰণি (Arha Welcomes Allu Arjun) ৷ ‘পুষ্পা: দ্য ৰাইজ’ৰ চিকুৱেল ‘পুষ্পা: দ্য ৰুল’ ক লৈ ব্যস্ত হৈ পৰিছে অভিনেতাজন ৷ অতি সোনকালেই আল্লুৱে সুকুমাৰ আৰু তেওঁৰ টীমটোৰ সৈতে পুষ্পাৰ দ্বিতীয় খণ্ডটোৰ শ্বুটিং আৰম্ভ কৰিব ৷

লগতে পঢ়ক:ছবিৰ অফাৰ নাকচ কৰিবলৈ গৈছিল তাপসী পন্নু, তাৰ পিছত কি হ’ল চাওক

ABOUT THE AUTHOR

...view details