অসম

assam

ETV Bharat / sitara

কাৰাগাৰতো লাভ কৰিব পাৰি শিক্ষাৰ মূল্য: এই বিষয়েৰে আহি আছে দশৱী - য়ামী গৌতমৰ নতুন ছবি

বুধবাৰে মুকলি হ’ল দশৱীৰ ট্ৰেইলাৰ (Dasvi trailer) ৷ ট্ৰেইলাৰটোত অভিষেক বচ্চনে কাৰাগাৰত থকা এজন মুখ্যমন্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে । ৰীতেশ শ্বাহে ৰচনা কৰা কাহিনীটোৰে তুষাৰ জালোতাই নিৰ্দেশক হিচাপে বলীউডত আত্মপ্ৰকাশ কৰিছে । ছবিখন ২০২২ চনৰ ৭ এপ্ৰিলৰ পৰা জিঅ' চিনেমা আৰু নেটফ্লিক্সত উপলব্ধ হ'ব।

Dasvi trailer
আহি আছে দশৱী

By

Published : Mar 23, 2022, 7:54 PM IST

চিটাৰা ডেস্ক, 23 মাৰ্চ: অভিষেক বচ্চন, য়ামী গৌতম আৰু নিম্ৰত কৌৰ অভিনীত ছবি দশৱীৰ ট্ৰেইলাৰ মুকলি কৰিলে নিৰ্মাতাসকলে । বুধবাৰে নেটফ্লিক্সে দশৱী ট্ৰেইলাৰ মুকলি কৰিলে য'ত সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ বাৰ্তা আছে ৷ ছবিখনত দৰ্শকে কেইবাটাও ৰসৰ সমাহাৰ ঘটা দেখিবলৈ পাব ৷

শীঘ্ৰেই মুক্তি লাভ কৰিবলগীয়া ছবিখনত অভিষেকে এজন মুখ্যমন্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছে (Abhishek Bachchan new movie) ৷ মুখ্যমন্ত্ৰী হৈয়ো তেওঁ কাৰাগাৰত থাকিব লগীয়া হয় ৷ কাৰাগাৰত সন্মুখীন হোৱা কিছু অপ্ৰীতিকৰ পৰিস্থিতিয়ে কমকৈ পঢ়া-শুনা কৰা মুখ্যমন্ত্ৰীজনৰ মনত পুনৰ পঢ়াৰ ভাৱ জগাই তোলে ৷ এই বিষয় লৈয়েই ছবিখনৰ কাহিনী আগবাঢ়ে ৷

আঢ়ৈ মিনিট দীঘল ট্ৰেইলাৰত দেখুওৱা হৈছে যে কেনেকৈ গংগা ৰাম চৌধুৰীৰ চৰিত্ৰত অভিনয় কৰা অভিষেকে কাৰাগাৰৰ বন্দীত্ব জীৱনৰ লগত নিজকে খাপ খুওৱাব লগা হয় ৷ আই পি এছ বিষয়া জ্যোতি দেশৱালৰ চৰিত্ৰত অভিনয় কৰা য়ামী গৌতমে মুখ্যমন্ত্ৰীজনক নিজৰ কথা কামেৰে পঢ়াৰ মূল্য কিদৰে শিকালে সেইয়া চাবলগীয়া হ’ব (Yami Gautam upcomig movie) ৷ ছবিখনত নিম্ৰত কৌৰে মুখ্যমন্ত্ৰীৰ পত্নী বিমলা দেৱীৰ চৰিত্ৰত অভিনয় কৰিছে যি পিছলৈ নিজেই মুখ্যমন্ত্ৰীৰ হোৱাৰ সপোন দেখে(Abhishek Bachchan Nimrat Kaur movie together) ।

হিন্দী মিডিয়াম, আংগ্ৰেজী মিডিয়াম আৰু বালাৰ দৰে জনপ্ৰিয় ছবি উপহাৰ দিয়া নিৰ্মাতাই নিৰ্মাণ কৰিছে দশৱী। তুষাৰ জালোতাই ছবিখনৰ জৰিয়তে বলীউডত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে ৷ ছবিখনৰ কাহিনী লিখিছে ৰীতেশ শ্বাহে । এই নতুন প্ৰজেক্টটো মেডক ফিল্মছ প্ৰডাকচন আৰু বেক মাই কেক ফিল্মছৰ বেনাৰত প্ৰযোজনা কৰা হৈছে (Dasvi movie cast) । দশৱী 7 এপ্ৰিলত জিঅ' চিনেমা আৰু নেটফ্লিক্সত প্ৰচাৰিত হ'ব।

লগতে পঢ়ক:Kangana Ranaut's birthday: জন্মদিনত কাশ্মীৰত বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কুইন কংগনাৰ

ABOUT THE AUTHOR

...view details