চিটাৰা ডেস্ক, ৯ অক্টোবৰ: ড্ৰাগছৰে জড়িত গোচৰত বলীউড তাৰকাক নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'ই সোধা-পোছা কৰাটো কোনো নতুন কথা নহয় । অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু ঘটনাৰ তদন্তৰ সময়ত উত্থাপিত হোৱা ড্ৰাগছৰ প্ৰসংগয়ো বাৰুকৈয়ে জ্বলাকলা খুৱাইছিল বহুকেইগৰাকী বলীউড তাৰকাক । এইবাৰ পুনৰ ড্ৰাগছৰ ব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছে বলীউডৰ ছবি নিৰ্মাতাৰ বিৰুদ্ধে । শনিবাৰে ছবি নিৰ্মাতা ইমতিয়াজ খাত্ৰী(Imtiaz Khatri)ৰ মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহ আৰু কাৰ্যালয়ত অভিযান চলালে নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'ৰ মুম্বাই আঞ্চলিক গোটে ।
দৰাচলতে, মুম্বাইৰ পৰা গোৱা অভিমুখী কৰ্ডেলিয়া ক্ৰুজত পাৰ্টী চলি থকা অৱস্থাতে অভিযান চলাই নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'ই ড্ৰাগছসহ আঠজনক গ্ৰেপ্তাৰ কৰাৰ পাচতে পোহৰলৈ আহিছে ন ন তথ্য। এই গোচৰত গ্ৰেপ্তাৰ কৰা অভিযুক্ত অচিত কুমাৰক জেৰা কৰাৰ সময়ত অচিতে খাত্ৰীৰ নাম উল্লেখ কৰিছিল । উল্লেখ্য যে, কৰ্ডেলিয়া ক্ৰুজত চলা পাৰ্টীৰ বাবে ছ'চিয়েল মিডিয়াৰ জৰিয়তে বিজ্ঞাপন প্ৰচাৰ কৰা হৈছিল আৰু প্ৰতিটো টিকটৰ মূল্য ৭৫,০০০ টকা নিৰ্ধাৰণ কৰা হৈছিল । এই গোচৰ সন্দৰ্ভত এতিয়ালৈকে মুঠ ১৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।