অসম

assam

ETV Bharat / sitara

অনুপম খেৰৰ মাতৃক ভৰ্ত্তি কৰোৱা হ'ল আইচ'লেচন ৱাৰ্ডত

অনুপম খেৰে নিজৰ ইনষ্টাগ্ৰাম একাউন্ট যোগে অনুৰাগীক ধন্যবাদ জ্ঞাপন কৰি শ্বেয়াৰ কৰে এটা বিশেষ ভিডিঅ' ৷ দৰাচলতে,অনুপম খেৰৰ মাতৃ,ভাতৃ আৰু ভতিজী আক্ৰান্ত COVID-19 ৰোগত ৷ শেহতীয়াকৈ তেওঁৰ মাতৃ দুলাৰী দেৱীৰ অৱস্থা বৰ্তমান পূৰ্বতকৈ সুস্থিৰ হৈছে ৷ তেওঁক বৰ্তমান ভৰ্ত্তি কৰোৱা হৈছে আইচ'লেচন ৱাৰ্ডত ৷

COVID-19: Doctor shifts Anupam's mother to isolation ward, brother's family home quarantined
অনুপম খেৰৰ মাতৃক ভৰ্ত্তি কৰোৱা হ'ল আইচ'লেচন ৱাৰ্ডত

By

Published : Jul 13, 2020, 5:25 PM IST

চিটাৰা ডেস্ক,13 জুলাইঃ বলীউড অভিনেতা অনুপম খেৰৰ পৰিয়ালৰ চাৰিজনকৈ সদস্য কৰ'ণাত আক্ৰান্ত ৷ দেওবাৰে অনুপম খেৰে এটা ভিডিঅ' শ্বেয়াৰ কৰি এই কথা অনুৰাগীৰ মাজত প্ৰকাশ কৰিছিল ৷ এই প'ষ্টটো দিয়াৰ পিছতে তেওঁৰ পৰিয়ালৰ আশু আৰোগ্য কামনা কৰি অসংখ্য অনুৰাগীয়ে বাৰ্তা প্ৰেৰণ কৰে ছ'চিয়েল মিডিয়া যোগে ৷

শেহতীয়াকৈ সোমবাৰে অভিনেতা গৰাকীয়ে আৰু এটা ভিডিঅ' শ্বেয়াৰ কৰে,য'ত তেওঁ জনাই যে,তেওঁৰ মাতৃক বৰ্তমান ভৰ্ত্তি কৰোৱা হৈছে আইচ'লেচন ৱাৰ্ডত ৷

জনাই থওঁ যে,তেওঁৰ মাতৃ বৰ্তমান মুম্বাইৰ কোকিলাবেন হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ তেওঁৰ ভাতৃ ৰাজু আৰু তেওঁৰ পৰিয়াল বৰ্তমান হোম কোৱাৰেন্টাইনত আছে ৷ শেহতীয়াকৈ তেওঁৰ ভাতৃ ৰাজু,বৌয়েক আৰু ভতিজাকৰো কৰ'ণাৰ ফলাফল পজিটিভ আহিছিল ৷

অভিনেতাগৰাকীয়ে লগতে এটা ভিডিঅ' যোগে মানুহে ইমান মৰম তথা আশীষ ভৰা বাৰ্তা প্ৰেৰণ কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷

এফালে যেনেকৈ অনুপম খেৰৰ মাতৃ দুলাৰী দেৱী যুঁজি আছে কৰ'ণা ভাইৰাছৰ সৈতে ৷ আনফালে মেগাষ্টাৰ অমিতাভ বচ্চন আৰু তেওঁৰ পুত্ৰ,বোৱাৰী, নাতিনী যুঁজি আছে মাৰাত্মক কৰ'ণা ভাইৰাছৰ সৈতে ৷

লগতে পঢ়কঃদিল বেচাৰাৰ অভিনেত্ৰীয়ে সুঁৱৰিলে সুশান্ত সিং ৰাজপুতক

ABOUT THE AUTHOR

...view details