চিটাৰা ডেস্ক,21 মাৰ্চঃনিজৰ ভ্ৰমণৰ বিষয়ে লুকুৱাই লক্ষ্ণৌত বহুকেইটা জনসমাৰোহত অংশগ্ৰহণ কৰিছিল জনপ্ৰিয় কন্ঠশিল্পী কনিকা কাপুৰে ৷ যথেষ্ট পলমকৈ স্বাস্থ্য পৰীক্ষা কৰি শৰীৰত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাছত বিভিন্নজনে অসতৰ্কতাৰ বাবে দোষাৰূপ কৰিছে কন্ঠশিল্পীগৰাকীক ৷
কনিকাৰ বিৰুদ্ধে এই অসৰ্তকতাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে ৷ এডিএম প্ৰশাসনে অৱগত কৰা অনুসৰি, এই জটিল পৰিস্থিতিত নিজৰ অসৰ্তকতামূলক কাৰ্যৰ জৰিয়তে সমাৰোহত অংশগ্ৰহণ কৰাৰ অভিযোগত গুমতি নগৰৰ হজৰদংগ থানাত চি.এম.অ'ৰ দ্বাৰা কনিকাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে ৷