চিটাৰা ডেস্ক, 30 জুলাই : 2020 চনৰ মহাৰাষ্ট্ৰ চাইবাৰ বিভাগ (Maharashtra Cyber Department)ৰ গোচৰ সন্দৰ্ভত ৰাজ কুন্দ্ৰা (Raj Kundra)ৰ আগতীয়া জামিন (Bail) আবেদনত আগন্তুক 2 আগষ্টত আদেশ ঘোষণা কৰিব মুম্বাই সত্ৰ ন্যায়াধীশ (Mumbai Sessions Court)য়ে ৷ শুকুৰবাৰে সময়ৰ অভাৱৰ বাবে আদেশ স্থগিত ৰাখে মুম্বাই সত্ৰ ন্যায়াধীশে ৷ 19 জুলাইত আটক কৰাৰ পূৰ্বেই মহাৰাষ্ট্ৰ আৰক্ষী চাইবাৰ চেল (Maharashtra Police Cyber Cell)য়ে ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে পৰ্ণ’গ্ৰাফিক ছবি নিৰ্মাণ সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল ।
উক্ত গোচৰটো মহাৰাষ্ট্ৰ আৰক্ষীৰ কেইবাটাও অ’টিটি (OTT) প্লেটফৰ্মৰ ওপৰত কৰা অভিযানৰ অংশ আছিল ৷ ইয়াৰ ভিতৰত আছে কুন্দ্ৰাৰ হট্ শ্বটছ্ (Hot Shots) এপ । ইয়াৰোপৰি আৰক্ষীয়ে গোচৰ সন্দৰ্ভত এগৰাকী ফটোগ্ৰাফাৰ আৰু এগৰাকী মহিলাক আটক কৰিছিল ৷ অৱশ্যে ৰাজ কুন্দ্ৰাই চলিত বৰ্ষৰ আৰম্ভণিতে আৰক্ষীক কৈছিল যে, তেওঁ কোম্পানীটোৰ তেওঁৰ শ্বেয়াৰখিনি বিক্ৰী কৰিছে ৷ তেওঁৰ বিনিয়োগ আৰু প্ৰস্থানৰ আনুষ্ঠানিকতা সম্পৰ্কীয় নথি-পত্ৰ কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিছিল ।
লগতে পঢ়ক :পৰ্ণ'গ্ৰাফী গোচৰঃ হটশ্বটৰ ৪ গৰাকী প্ৰযোজকৰ বিৰুদ্ধে এজাহাৰ দাখিল