চিটাৰা ডেস্ক,13 মাৰ্চঃকৰ'ণা ভাইৰাছৰ দৰে মাৰাত্মক ভাইৰাছে সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰিছে ৷ এই আতংকৰ মাজতে ভাৰতত শেহতীয়াকৈ বন্ধ কৰা হৈছে বহুকেইটা ছবিগৃহ ৷ চৰকাৰৰ পৰামৰ্শ মানি 31 মাৰ্চ পৰ্যন্ত বন্ধ থাকিব দিল্লী,কেৰালা,জম্মু-কাশ্মীৰৰ মাল্টিপ্লেক্স চেইন পি.ভি.আৰ ছবিগৃহসমূহ ৷
কৰ'ণা সন্ত্ৰাসঃ 31 মাৰ্চ পৰ্যন্ত বন্ধ থাকিব দিল্লী, কেৰালা, জম্মু-কাশ্মীৰৰ পি.ভি.আৰ ছবিগৃহ - Corona scare PVR Delhi Kerala J-K to remain shut till March 31
চৰকাৰৰ পৰামৰ্শ মানি 31 মাৰ্চ পৰ্যন্ত বন্ধ থাকিব দিল্লী, কেৰালা, জম্মু-কাশ্মীৰৰ মাল্টিপ্লেক্স চেইন পি.ভি.আৰ ছবিগৃহসমূহ ৷

31 মাৰ্চ পৰ্যন্ত বন্ধ থাকিব দিল্লী,কেৰালা,জম্মু-কাশ্মীৰৰ পি.ভি.আৰ ছবিগৃহ
শেহতীয়াকৈ মাল্টিপ্লেক্স চেইন পি.ভি.আৰৰ টুইটাৰ যোগে অফিচিয়েলি ঘোষণা কৰা হয় এই কথা ৷ ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বৃহস্পতিবাৰে জনাই যে, ৰাজধানী দিল্লীত 31 মাৰ্চলৈকে বন্ধ থাকিব সকলোবোৰ ছবিগৃহ ৷ লগত জানিবলৈ দিয়ে যে, কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবেই তেওঁ লৈছে এই বিশেষ পদক্ষেপ ৷