চিটাৰা ডেস্ক,3 নৱেম্বৰঃএই বৰ্ষৰ দুই সফল ছবি মিছন মংগল আৰু চাণ্ড কি আঁখৰ সফলতাৰ পিছত এইবাৰ তাপসী পান্নুৱে চাব্বাছ মিথ্থু শীৰ্ষক ছবিখনত অভিনয় কৰিব ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰতিনিধি মিতালী ৰাজৰ চৰিত্ৰত ৷
নিশ্চিত হ'ল চাবাছ মিথ্থুত মিতালী ৰাজৰ চৰিত্ৰত অভিনয় কৰিব তাপসী পান্নুৱে - বলীউড অভিনেত্ৰী তাপসী পান্নু
চাব্বাছ মিথ্থুত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ কেপ্তেইন মিতালী ৰাজৰ চৰিত্ৰত অভিনয় কৰিব তাপসী পান্নুৱে ৷ চ'ছিয়েল মিডিয়াযোগে এই কথা প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে ৷

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ কেপ্তেইন মিতালী ৰাজৰ চৰিত্ৰত অভিনয় কৰিব তাপসী পন্নুৱে
তাপসীয়ে ক্ৰিকেটাৰগৰাকীৰ 37 সংখ্যক জন্মদিনৰ শুভক্ষণত ইনষ্টাগ্ৰামযোগে নিজৰ এই আগন্তুক প্ৰজেক্টৰ কথা ঘোষণা কৰে ৷ তাপসী পান্নুৰ এই বিশেষ খবৰত উৎফুল্লিত হৈ পৰে দুয়োৰে অনুৰাগীসকল ৷ 37 বছৰীয়া মিতালী ৰাজ নামৰ মহিলা ক্ৰিকেটাৰ গৰাকীয়ে 20 বছৰ সম্পূৰ্ণ কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৷ উল্লেখ্য যে,আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 20 বছৰ সম্পূৰ্ণ কৰা তেওঁৱেই প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ ৷
লগতে পঢ়কঃ বিজেপিৰ মন্ত্ৰীসকল বদনৰ বংশধৰ !!