অসম

assam

ETV Bharat / sitara

কৰ’ণাই কাঢ়ি নিলে সংগীত পৰিচালক শ্ৰৱণ ৰাথোড়ক - কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু সংগীত ৰচয়িতা শ্ৰৱণ ৰাথোড়ৰ

কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু সংগীত পৰিচালক শ্ৰৱণ ৰাথোড়ৰ । বৃহস্পতিবাৰে নিশা ৯.৩০ বজাত মৃত্যু হয় ৰাথোড়ৰ ।

কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু শ্ৰৱণ ৰাথোড়ৰ
কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু শ্ৰৱণ ৰাথোড়ৰ

By

Published : Apr 23, 2021, 1:10 PM IST

চিটাৰা ডেস্ক, ২৩ এপ্ৰিল: কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু সংগীত পৰিচালক শ্ৰৱণ ৰাথোড়ৰ । বৃহস্পতিবাৰে নিশা ৯.৩০ বজাত মৃত্যু হয় ৰাথোড়ৰ । মৃত্যু সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ । পিতৃৰ মৃত্যুৰ খবৰ পুত্ৰ সঞ্জীৱ ৰাথোড়ে ছচিয়েল মিডিয়াযোগে জনায় । কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে শ্ৰৱণ ৰাথোড়ক সোমবাৰে মুম্বাইৰ এছ এল ৰহেজা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । ইফালে, পুত্ৰৰ অভিযোগ যে, পিতৃৰ চিকিৎসাৰ বাবদ খৰচ হোৱা ১০ লাখ টকাৰ বিল পৰিশোধ নকৰাৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই পিতৃৰ মৃতদেহ পৰিয়ালৰ লোকৰ ওচৰত চমজাই দিয়া নাই ।

তেওঁৰ মৃত্যুৰ খবৰ পায় অজস্ৰ গুণমুগ্ধৰ লগতে সাংস্কৃতিক জগতৰ কেইবাগৰাকী তাৰকাই শোক প্ৰকাশ কৰে । ছবি নিৰ্মাতা কুনাল কোহলীয়েও টুইটাৰযোগে শোক ব্যক্ত কৰি কয় যে তেওঁৰ মৃত্যুৰ বাতৰিয়ে যথেষ্ঠ মৰ্মাহত কৰিছে । হিন্দী চলচ্চিত্ৰ সংগীতৰ এক গৌৰৱময় অধ্যায়ৰ সমাপ্তি ঘটিল । উল্লেখ্য যে, ৯০ দশকৰ সংগীতজ্ঞ আছিল শ্ৰৱণ ৰাথোড় ।

নাদিম চৈফি আৰু শ্ৰৱণ ৰাথোড় যাক নাদিম-শ্ৰাৱণ বুলি জনা গৈছিল । নাদিম-শ্ৰাৱণে ১৯৯০ চনত আশ্বিকীৰ জৰিয়তে সাংস্কৃতিক জগতত প্ৰৱেশ কৰি পৰৱৰ্তী ১৯৯১ চনত চাজন, ১৯৯৩ চনত হাম হে ৰহি প্যাৰ কে, ১৯৯৭ চনত পৰদেশ আৰু ১৯৯৬ চনত ৰাজা হিন্দুস্তানীৰ লগতে বহুতো জনপ্ৰিয় ছবিৰ সংগীত ৰচনা কৰিছিল ।

লগতে পঢ়ক: নিকি তম্ব'লি, হিনা খানৰ শেহতীয়া গতিবিধি বন্দী কেমেৰাত

ABOUT THE AUTHOR

...view details