চিটাৰা ডেস্ক, 9 জানুৱাৰীঃআইনজীৱি অৰ্পণা ভাটৰ আবেদনৰ ভিত্তিত দিল্লীৰ এখন আদালতে চপ্পকত অধিবক্তা অৰ্পণা ভাটক ক্ৰেডিট দিব লাগিব বুলি ৰায় দিয়ে ৷ শেহতীয়াকৈ অধিবক্তা অৰ্পণা ভাটে দিল্লী আদালতত এক গোচৰ ৰুজু কৰিছিল ৷ বৃহস্পতিবাৰে দিল্লী আদালতে ৰায় দিয়ে যে, চপ্পক নিৰ্মাতাসকলে ছবি মুক্তিৰ সময়ত ছবিখনত অন্তৰ্ভুক্ত কৰিব লাগিব আবেদনকাৰী অৰ্পণা ভাটৰ নাম ৷
চপ্পক বিবাদঃ আদালতৰ ৰায় অধিবক্তাই পাব লাগে ক্ৰেডিট - এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালা
অধিবক্তা অৰ্পণা ভাটক খ্যাতি প্ৰদান কৰিব লাগিব চপ্পক নিৰ্মাতাই ৷ বৃহস্পতিবাৰে দিল্লীৰ এখন আদালতে ৰায় দিয়ে যে, চপ্পক নিৰ্মাতাই অধিবক্তা অৰ্পণা ভাটক দিব লাগিব উচিত ক্ৰেডিট ৷ এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালাৰ ঘটনাত আদালতত প্ৰতিনিধিত্ব কৰিছিল অধিবক্তা অৰ্পণা ভাটে ৷

অধিবক্তা অৰ্পণা ভাটক খ্যাতি প্ৰদান কৰিব লাগিব চপ্পক নিৰ্মাতাই
অধিবক্তাগৰাকীৰ মতে, শুকুৰবাৰে মুক্তি পাবলগীয়া ছবিখনত অধিবক্তা অৰ্পণা ভাট নিজৰ কামৰ দক্ষতা আৰু জ্ঞানৰ বাবে ক্ৰেডিট দিম বুলি কোৱাৰ পিছতো ক্ৰেডিট নিদিলে ছবি নিৰ্মাতাই ৷ সেইবাবে দিল্লীৰ পাটিয়ালা হাউচ কোৰ্টত বৃহস্পতিবাৰে ৰাতিপুৱা চপ্পকৰ মুক্তিৰ বিৰুদ্ধে গোচৰ তৰে, অৰ্পণা ভাটে ৷ গোচৰ তৰাৰ পিছতে আৰম্ভ হয় শুনানিৰ ৷ অৱশেষত ন্যায়াধীশে ছবিখনত অৰ্পণা ভাটক ক্ৰেডিট দিয়াৰ বাবে শুনানি প্ৰদান কৰে ৷
লগতে পঢ়কঃ 'দৰবাৰ' উপভোগৰ বাবে ছবিগৃহত ৰজনীকান্তৰ পত্নী, ৰাঘৱ লৰেঞ্চ