চিটাৰা ডেস্ক,8 জানুৱাৰীঃ 2012 চনত হোৱা নিৰ্ভয়া ধৰ্ষণকাণ্ডক লৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে দিয়া ফাঁচিৰ ৰায়দানৰ প্ৰতি সঁহাৰি আগবঢ়াইছে ' হিন্দী চলচ্চিত্ৰ ফেটাৰনেটী'ৰ সদস্যসকলে ৷ কিছুসংখ্যকে এই ৰায়দানক ন্যায়ৰ ওপৰত জয় সাব্যস্ত হোৱা বুলি কোৱাৰ লগতে বহুতে এই ফাঁচী জনসাধাৰণৰ সমুখত দিব লাগে বুলিও মন্তব্য কৰে ৷
নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ ৰায়দানঃ বি-টাউনবাসীৰ প্ৰতিক্ৰিয়া - হিন্দী চলচ্চিত্ৰ ফেটাৰনেটী
হৰ্ষদ্বীপ কৌৰ,ৰবীনা টেণ্ডন,অনুপম খেৰৰ দৰে বহুকেইগৰাকী চেলিব্ৰেটীয়ে নিৰ্ভয়া ধৰ্ষণকাণ্ডক লৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে দিয়া ৰায় সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে এইদৰে ...
বি-টাউবাসীৰ প্ৰতিক্ৰিয়া
শুকুৰবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে নিৰ্ভয়া কাণ্ডৰ চাৰিজন দোষীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে ৷ ৰায়দানৰ পিছত বলীউড তাৰকাসকলে নিজৰ নিজৰ টুইটাৰ একাউন্টযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷