অসম

assam

ETV Bharat / sitara

SSR গোচৰৰ তদন্ত অব্যাহত আছে : চিবিআই - চিবিআইৰ মুখপাত্ৰ আৰ কে. গৌৰ

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত চিবিআইয়ে সমাপ্ত কৰাৰ লগতে এক প্ৰতিবেদন দাখিল কৰিব বুলি ওলোৱা উৰাবাতৰি এজেন্সীটোৱে অস্বীকাৰ কৰিছে ৷ চিবিআইয়ে দাবী কৰে যে, এনে বাতৰি ভুৱা আৰু তদন্ত এতিয়াও অব্যাহত আছে ৷

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু
SSR গোচৰ

By

Published : Oct 15, 2020, 10:11 PM IST

ছিটাৰা ডেস্ক, 15 অক্টোবৰ : অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত চিবিআইয়ে সমাপ্ত কৰাৰ লগতে এক প্ৰতিবেদন দাখিল কৰিব বুলি ওলোৱা উৰাবাতৰি এজেন্সীটোৱে অস্বীকাৰ কৰিছে ৷ চিবিআইয়ে দাবী কৰে যে, এনে বাতৰি ভুৱা আৰু তদন্ত এতিয়াও অব্যাহত আছে ৷

চিবিআইৰ মুখপাত্ৰ আৰ কে. গৌৰে এক বিবৃতিত কয়, "সুশান্তৰ মৃত্যু সম্পৰ্কত চিবিআইয়ে তদন্ত অব্যাহত ৰাখিছে ৷ চিবিআইয়ে এক সিদ্ধান্তত উপনীত হ'ল বুলি উৰাবাতৰি ওলাইছে ৷ এই বাতৰি সম্পূৰ্ণ ভুৱা ৷"

উল্লেখ্য যে, ইয়াৰ পূৰ্বে সুধীৰ গুপ্তাৰ নেতৃত্বত AIIMS ৰ ফৰেনছিক দলে সুশান্তৰ হত্যা হোৱাৰ দিশ নুই কৰিছিল ৷ সুশান্তৰ পিতৃ কে. কে. সিঙৰ আবেদনৰ ভিত্তিত বিহাৰ চৰকাৰৰ অনুৰোধত আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত চিবিআইয়ে 6 আগষ্টত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল ৷

এই সম্পৰ্কত সুশান্তৰ ঘনিষ্ঠ বান্ধৱী ৰিয়া চক্ৰৱৰ্তী, তেওঁৰ ভাতৃ শৌভিক, সুশান্তৰ মেনেজাৰ ছেমুৱেল মিৰাণ্ডা, ফ্লেটমেট সিদ্ধাৰ্থ পিথানী, ষ্টাফ সদস্য নিৰজ সিং, কেশৱ বাচানে আৰু দিপেশ সাৱন্ত, সুশান্তৰ প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোডী, জয়া ছাহা আৰু বহুসংখ্যক লোকক সোধপোচ কৰিছিল ৷

উল্লেখ্য যে, 14 জুনৰ দিনা বান্দ্ৰাস্থিত এপাৰ্টমেন্টত সুশান্তৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ চিবিআইৰ উপৰি ড্ৰাগছ আৰু ধনৰ লেনদেনৰ দিশ সাঙুৰ খাই পৰাত এনফৰ্চমেন্ট ডাৰেক্টৰেট আৰু নাৰ্কোটিকছ ব্যুৰোইও তদন্ত অব্যাহত ৰাখিছে ৷

সুশান্তৰ মৃত্যুৰ সৈতে ড্ৰাগছৰ দিশ পোহৰলৈ অহাত নাৰ্কোটিকছ ব্যুৰোই আটক কৰিছিল ৰিয়া চক্ৰৱৰ্তীক ৷ ৰিয়াই বাইকোলা জেলত 28 দিন অতিবাহিত কৰাৰ পাচত জামিন লাভ কৰিছিল যদিও তেওঁৰ ভাতৃ শৌভিকে বৰ্তমানেও জামিন লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক :কৰ্কট ৰোগক পৰাস্ত কৰিবলৈ দৃঢ় সংকল্পবদ্ধ সঞ্জয় দত্ত

ABOUT THE AUTHOR

...view details