অসম

assam

ETV Bharat / sitara

সুশান্তৰ মৃত্যুৰ তদন্ত: বৈঠকত মিলিত হ’ব চিবিআই আৰু এইমছ মেডিকেল ব’ৰ্ড - এইমছ মেডিকেল ব’ৰ্ড

মঙলবাৰে সুশান্তৰ মৃত্যুৰ তদন্তত এতিয়ালৈকে লাভ কৰা তথ্য সন্দৰ্ভত এক আলোচনাত মিলিত হ’ব চিবিআই আৰু এইমছৰ মেডিকেল ব’ৰ্ড ৷ ইয়াৰোপৰি, আগন্তুক কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰিব দুয়োটা দলে ৷

Sushant Singh Rahput death investigation
সুশান্তৰ মৃত্যুৰ তদন্ত

By

Published : Sep 21, 2020, 11:02 AM IST

চিটাৰা ডেস্ক, 21 ছেপ্তেম্বৰ: অব্যাহত আছে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত ৷ সোমবাৰে চিবিআইৰ সৈতে এক বৈঠকত মিলিত হয় এইমছৰ মেডিকেল ব’ৰ্ড ৷ কিয়নো মঙলবাৰে চিবিআই আৰু চিএফএছএল দলে তদন্তত লাভ কৰা তথ্য সন্দৰ্ভত আলোচনা কৰিব দুয়োটা দলে ৷ লগতে, আগন্তুক কাৰ্যসূচী সম্পৰ্কে আলোচনাত মিলিত হ’ব তদন্তকাৰী সংস্থা দুটাই ৷

চিবিআইৰ সূত্ৰই জনোৱা মতে, দক্ষিণ দিল্লীৰ লোধী এলেকাস্থিত মুখ্য কাৰ্যালয়ত এইমছৰ চিবিআইৰ বিশেষ তদন্তকাৰী সংস্থাৰ সৈতে এইমছৰ ফ’ৰেন্সিক দলে বৈঠকত মিলিত হ’ব ৷

উল্লেখ্য যে, ফ’ৰেন্সিক দলে গঠন কৰা মেডিকেল ব’ৰ্ডৰ দায়িত্বত আছে ডাঃ সুধীৰ গুপ্তা ৷ এই দলটোৱে সুশান্তৰ বান্দ্ৰাস্থিত ফ্লেটতো তালাচী অভিযান চলাইছিল ৷ দলটোৰ অভিযান কালত সুশান্তৰ ভনী মীতু সিং, ফ্লেটমেট সিদ্ধাৰ্থ পিঠানী, কৰ্মচাৰী দীপেশ সাৱন্ত, নীৰজ সিং আৰু কেশৱ বচ্চনেও সহযোগিতা আগবঢ়ায় ৷

আনহাতে, চিবিআইৰ উপৰিও ইডি আৰু নাৰ্কোটিকছ কন্ট্ৰোল ব্যুৰ’ৱেও সুশান্তৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:দীপিকা, সোনমৰ সৈতে ছবিত কাম কৰাৰ হেঁপাহ মিন্দী কলিঙৰ

ABOUT THE AUTHOR

...view details