চিটাৰা ডেস্ক, 13 জুন : শেহতীয়াকৈ টুইটাৰত চৰ্চা লাভ কৰিছে বলীউডৰ মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰ খান (Kareena Kapoor Khan)এ ৷ আগন্তুক পৌৰাণিক ছবি ‘SITA- The Incarnation’ত ‘সীতা’ চৰিত্ৰটোৰ বাবে কৰীণাই প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাচতে netizen সকলে অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷
টুইটাৰযোগে অসন্তুষ্টি প্ৰকাশ কৰি তেওঁলোকে #BoycottKareenaKhan ট্ৰেণ্ডিঙত ৰখা পৰিলক্ষিত হৈছে ৷ এই চৰিত্ৰটোৰ বাবে কৰীণাই 12 কোটি টকাৰ দাবী কৰাৰ পাচতে সমালোচনাৰ পাত্ৰ হৈ পৰে অভিনেত্ৰীগৰাকী ৷ সমালোচকসকলে কৰীণাৰ বিপৰীতে কংগনা ৰাণাৱট (Kangana Ranaut)ক সীতাৰ চৰিত্ৰত চাব বিচাৰে বুলি দাবী উত্থাপন কৰে ৷