চিটাৰা ডেস্ক,11 অক্টোবৰ: অ’টিটি প্লেটফ’ৰ্মৰ অন্যতম হিট শ্ব’ মিৰ্জাপুৰৰ দ্বিতীয় সংস্কৰণৰ মুক্তিলাভৰ পূৰ্বে নেটিজেন্সৰ এক শ্ৰেণীয়ে শ্ব’টো বহিস্কাৰৰ দাবীৰে চ’ছিয়েল মিডিয়াত ট্ৰেণ্ড আৰম্ভ কৰে ৷ কিছুদিন পূৰ্বে দ্বিতীয় সংস্কৰণৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পাচতে টুইটাৰযোগে#BoycottMirzapur2 হেশ্বটেগৰ সৈতে এই ট্ৰেণ্ড আৰম্ভ কৰা হয় ৷
মিৰ্জাপুৰ বিৰোধী এই ট্ৰেণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মিৰ্জাপুৰৰ প্ৰথম সংস্কৰণত মুন্না ভাইৰ ভূমিকা পালন কৰা অভিনেতা দিব্যেন্দু শৰ্মাই ৷ তেওঁ কয় যে,এনে ধৰণৰ পদক্ষেপৰ বাবে কলা-কুশলীসকল অসন্তুষ্ট বা বিৰক্তি হ’ব নালাগে ৷ লগতে তেওঁ কয় যে,মানুহে এনেধৰণৰ কাম কৰিব নালাগে ৷ কিয়নো সকলোৱে ‘মিৰ্জাপুৰ’ ভাল পায় ৷