নিউজ ডেস্ক, 22 জুনঃ 5 জুনত ছবিগৃহলৈ আহিল ছলমান খান আৰু কেটৰিণা কাঈফ অভিনীত ‘ভাৰত’ ৷ ভাৰত ছবিখনে ইতিমধ্যে বক্স অফিচত দ্বি-শতক অৰ্থাৎ 200 কোটি টকা উপাৰ্যন কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতে নিজৰ প্ৰথম চাৰিটা দিনতেই উপাৰ্জন কৰিছিল 100 কোটি টকা ৷ অৱশ্যে ইয়াৰ পাচতে ভাৰত-পাকিস্তানৰ বিশ্বকাপ খেলৰ বাবে ছবিখনৰ উপাৰ্জনত দেখা পোৱা গৈছিল কিছু হ্ৰাস ৷ কিন্তু এতিয়া ছলমান অভিনীত ‘ভাৰত’লৈ প্ৰত্যাহ্বান ৰূপে থিয় দিছে শ্বাহিদ কাপুৰৰ নতুন ছবি ‘কবিৰ সিং’ য়ে ৷
বক্স অফিচ যুঁজঃ ছলমান খানক প্ৰত্যাহ্বান শ্বাহিদৰ - KATRINA KAIF
চিত্ৰগৃহত ভুমুকি মাৰিলে শ্বাহিদ কাপুৰৰ নতুন ছবি ‘কবিৰ সিং’ ৷ ছবিখনৰ মুক্তি পিচতেই দৰ্শকৰ মাজত দেখা পোৱা গৈছে ব্যাপক উৎসাহ ৷ ইতিমধ্যে আগতীয়াকৈ টিকট বুকিঙৰ ক্ষেত্ৰত ছবিখনে ‘ভাৰত’ আৰু ‘এণ্ড গেম’ৰ পিচতেই গঢ়িবলৈ সক্ষম হৈছে নতুন অভিলেখ ৷
ভাৰত ছবিখনে বৰ্তমানলৈকে 201.86 কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ৷ এতিয়া কবিৰ সিঙৰ চিত্ৰগৃহত ভুমুকি মৰাৰ পাচতেই ভাৰত ছবিখনৰ ব্যৱসায়ত ইয়াৰ প্ৰভাৱ পৰিব বুলি অনুমান কৰা হৈছে ৷ 21 জুনত মুক্তি লাভ কৰা কবিৰ সিঙত শ্বাহিদ কাপুৰৰ বলিষ্ঠ অভিনয়ে এতিয়া যথেষ্ট সমাদৰ লাভ কৰিছে ৷
উল্লেখ্য যে, 5 জুনত মুক্তি লাভ কৰা ভাৰত ছবিখনে প্ৰথম দিনতেই বলিউডৰ আটাইতকৈ বেছি টকা উপাৰ্জন কৰা ছবিৰ অভিলেখ ৰচিছিল ৷ ভাৰতে প্ৰথম দিনত 42.30 কোটি টকাৰ ব্যৱসায় কৰিছিল ৷ ভাৰতে বাহুবলী-2 ছবিখনৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছিল ৷