চিটাৰা ডেস্ক,3 এপ্ৰিলঃবলীউডৰ বহুকেইজন তাৰকাই শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শেহতীয়া আহ্বানক সমৰ্থন কৰি নিজৰ মত ব্যক্ত কৰিছে ৷ শুকুৰবাৰে পুৱা দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশৰ সকলো জনতাৰ প্ৰতি আহ্বান ৰাখিছে যে, 5 এপ্ৰিল তাৰিখে ৰাতি 9 বজাত আন্ধাৰ নাশ কৰিবলৈ সকলো দেশবাসী একত্ৰিত হ'ব লাগে ৷ এই একত্ৰীকৰণে বুজাব যে, কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে এই বিশেষ যুঁজখনত দেশবাসী এক হৈ আছে ৷ বহু বলীউড তাৰকাই প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সমৰ্থন জনাইছে ৷ বহুজনে তেওঁৰ এই আহ্বানক সমৰ্থন কৰি টুইট কৰিছে ৷
প্ৰধানমন্ত্ৰীৰ শেহতীয়া আহ্বানক সমৰ্থন বহুকেইজন বলীউড তাৰকাৰ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শেহতীয়া আহ্বান
প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ প্ৰদীপ জ্বলাবলৈ জনোৱা আহ্বানক সমৰ্থন জনাইছে হেমা মালিনী, অৰ্জুন কাপুৰ সহিতে অন্য বহুকেইজন বলীউড তাৰকাই ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে বন্তি প্ৰজ্বলনৰ জৰিয়তে আন্ধাৰ নাশ কৰাৰ বাবে দেশবাসীক আহ্বান জনাইছে যাৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ মনত ধনাত্মক ভাৱ গঢ়াৰ ইচ্ছা ব্যক্ত কৰিছে ৷
প্ৰধানমন্ত্ৰীৰ শেহতীয়া আহ্বানক সমৰ্থন বহুকেইজন বলীউড তাৰকাৰ
কৰ'ণা ভাইৰাছৰ দৰে মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ প্ৰধানমন্ত্ৰী মোডীয়ে মাৰ্চৰ 24 তাৰিখে 21 দিনৰ বাবে দেশ লক ডাউন ঘোষণা কৰিছিল ৷ উল্লেখ্য যে, বৰ্তমানলৈকে এই ভাইৰাছৰ ফলত ভাৰতত 2000ৰো অধিক লোক আক্ৰান্ত হৈছে ৷