অসম

assam

By

Published : Jan 21, 2020, 5:28 PM IST

ETV Bharat / sitara

গুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেতা বিবেক অৱেৰয়

মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী যুৱ সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গুৱাহাটীত উপস্থিত হৈছে বলীউডৰ জনপ্ৰিয় অভিনেতা বিবেক অৱেৰয় ৷

Bibek oberoi at Guwahati
গুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেতা বিবেক অৱেৰয়

গুৱাহাটী, 21 জানুৱাৰীঃগুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেতা বিবেক অৱেৰয় ৷ মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী যুৱ সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে বলীউডৰ অভিনেতাগৰাকীয়ে ৷ বিবেক অৱেৰয়ৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

গুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেতা বিবেক অৱেৰয়

গুৱাহাটীক খেলৰ ৰাজধানী হিচাপে পৰিগণিত কৰা ক্ষেত্ৰত চৰকাৰে লৈছে এই বিশেষ পদক্ষেপ ৷ অসম চৰকাৰকো ভূয়সী প্ৰশংসা কৰে বিবেক অৱেৰয়ে ৷ ইফালে অনুষ্ঠানত উপস্থিত যুৱ প্ৰতিনিধিসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ একান্ত প্ৰচেষ্টাৰ বাবে অসমত খেলো ইণ্ডিয়াৰ দৰে সমাৰোহ অসমত অনুষ্ঠিত হৈছে বুলি কয় মুখ্যমন্ত্ৰী সোণোৱালে ৷ উল্লেখযোগ্য যে, বুধবাৰে অনুষ্ঠিত হ'ব লগা খেলো ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানটো উপস্থিত থাকিব বলীউডৰ জনপ্ৰিয় অভিনেতা বিবেক অৱেৰয় ৷

লগতে পঢ়কঃসুশান্ত সিং ৰাজপুতৰ জন্মদিনঃ বেক গাউণ্ড ডাঞ্চাৰৰ পৰা বলীউডৰ অভিনেতা হোৱাৰ যাত্ৰা

ABOUT THE AUTHOR

...view details