চিটাৰা ডেস্ক, 6 জুনঃ 2020 বৰ্ষত বলীউড ছবিজগতৰ বাবে আহিছে আন এটা দুঃখবৰ । COVID-১৯ ত আক্ৰান্ত হৈ শুকুৰবাৰে মৃত্যুক আঁকোৱালি ল'লে বলীউডৰ ছবি নিৰ্মাতা অনিল সুৰীয়ে । 77 বয়সত শেষ নিশ্বাস ত্যাগ কৰে জেষ্ঠ ছবি নিৰ্মাতাগৰাকীয়ে । এক ৱেব চাইটৰ তথ্য অনুসৰি ছবি নিৰ্মাতাগৰাকীক বুধবাৰে এডভান্স মল্টিস্পেছিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । য'ত ভেন্টিলেটৰত ৰখা হৈছিল পৰিচালকগৰাকীক । কিন্তু শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত মৃত্য়ু হয় ছবি নিৰ্মাতা অনিল সুৰীৰ ।
COVID-১৯ ত মৃত্যু বলীউডৰ প্ৰযোজক অনিল সুৰীৰ - বলীউডৰ বাবে আন এটা দুখবৰ
বলীউড ছবিজগতৰ বাবে আন এটা দুঃখবৰ । 77 বছৰ বয়সত মৃত্যু জেষ্ঠ ছবি নিৰ্মাতা অনিল সুৰীৰ ।
Bollywood producer Anil Suri succumbs to COVID-19 at 77
ভাতৃ ৰাজীৱ সুৰীয়ে জানিবলৈ দিয়ে যে, পোন প্ৰথমে লিলাৱটি আৰু হিন্দুজা হাস্পতাল লৈ যোৱা হৈছিল যদিও তাত তেওঁক ভৰ্তি কৰাবলৈ অমান্তি হৈছিল দুয়োখন হাস্পতাল কৰ্তৃপক্ষই ।
অনীল সুৰীয়ে ৰাজ কাপুৰ, জিতেন্দ্ৰ, ৰেখা অভিনীত কৰ্মযোগী (1978)আৰু ধৰমেন্দ্ৰ, সুনীল দত্ত, ৰাজ কুমাৰ, হেমা মালিনী, ৰীণা ৰয়, শাৰিকা আৰু কমল হাচান অভিনীত ৰাজ তিলিক (1984 )নামৰ বলিউডৰ ছবি দুখনৰ প্ৰযোজনা কৰিছিল ।