চিটাৰা ডেস্ক,8 আগষ্টঃ কেৰালাৰ কোজিকোড বিমান বন্দৰত হোৱা শোকাৱহ দুৰ্ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে বলীউডৰ তাৰকাসকলে ৷ বিভিন্ন গৰাকী তাৰকাই ছ'চিয়েল মিডিয়া যোগে শোক প্ৰকাশ কৰিছে ৷
শুকুৰবাৰে নিশা কেৰালাৰ কোজিকোড বিমান বন্দৰত এক শোকাৱহ বিমান দুৰ্ঘটনা সংঘটিত হয় ৷ যাৰ ফলত 19 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু লোক আঘাত প্ৰাপ্ত হয় ৷