অসম

assam

ETV Bharat / sitara

শিক্ষক দিৱসত শিক্ষাগুৰুলৈ সশ্ৰদ্ধ প্ৰণিপাত বলীউড তাৰকাৰ - ড০ সৰ্বপল্লী ৰাধাকৃষ্ণন

ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ স্মৃতিত সমগ্ৰ দেশতে পালন কৰা শিক্ষক দিৱস উপলক্ষে শিক্ষাগুৰুসকলক শুভেচ্ছা জনালে বলীউড তাৰকাই । কংগনা ৰাণাৱট, মনোজ বাজপেয়ী, অজয় দেৱগনকে ধৰি বহু কেইগৰাকী তাৰকাই তেওঁলোকৰ জীৱনত শিক্ষাগুৰুৰ অৱদানৰ কথা স্মৰণ কৰি ছ'চিয়েল মিডিয়াযোগে শুভেচ্ছাবাৰ্তা প্ৰেৰণ কৰে।

শিক্ষাগুৰুক শিক্ষক দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলে বলীউড তাৰকাই
শিক্ষাগুৰুক শিক্ষক দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলে বলীউড তাৰকাই

By

Published : Sep 5, 2020, 4:02 PM IST

চিটাৰা ডেস্ক,৫ছেপ্টেম্বৰ: শিক্ষক দিৱসত নিজৰ শিক্ষাগুৰুক স্মৰণ কৰি সশ্ৰদ্ধ প্ৰণিপাত জনালে বলীউড তাৰকাই। শিক্ষক দিৱসৰ শুভেচ্ছাবাৰ্তাই শুৱনি কৰিছে বলীউড তাৰকাৰ টুইটাৰ একাউণ্ট ।

অভিনেত্ৰী কংগনা ৰাণাৱটে প্ৰথম শ্ৰেণীত পঢ়ি থকা সময়ৰে বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ এখন ফটো টুইটযোগে শ্বেয়াৰ কৰিছে । টুইটত উল্লেখ কৰিছে যে, বাৰ্ষিক অধিৱেশনত অনুষ্ঠান প্ৰদৰ্শন কৰি শিক্ষকৰ পৰা কংগনাই উপহাৰ লাভ কৰিছিল । লগতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে তেওঁৰ জীৱন গঢ়াত অৱদান আগবঢ়োৱা সকলো শিক্ষকলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জনায় ।

'গেংছ অৱ ৱাছিপুৰ' ছবিৰ অভিনেতা মনোজ বাজপেয়ীয়ে মাইক্ৰ'ব্লগিং ৱেবছাইটত লিখিছে যে, 'মই সেইসকল শিক্ষকক নটশিৰে প্ৰণাম জনাইছো, যিসকলে মোক কেৱল শব্দ, সংখ্যা আৰু পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত বিষয়েই নহয়, প্ৰতিগৰাকী ব্যক্তি আৰু মাতৃভূমিক ভাল পাবলৈ শিকালে।'

আনহাতে জীৱনৰ প্ৰথম শিক্ষক মাতৃৰ এখন ফটো টুইটযোগে শ্বেয়াৰ কৰি অভিনেতা চনু চুডে শিক্ষক দিৱসৰ শুভকামনা জ্ঞাপন কৰে । টুইটত তেওঁ লিখিছে, 'মা, তুমি দেখুওৱা পথেৰেই আগবাঢ়িছো । লক্ষ্যত উপনীত হ'বলৈ বহু দূৰ, কিন্তু উপনীত হমেই।'

কেমেৰাৰ পিছফালে থাকি বহু নতুন কথা শিকাৰ সুযোগ পাইছে বুলি উল্লেখ কৰি ইনষ্টাগ্ৰাম পোষ্টযোগে ফটো শ্বেয়াৰ কৰিলে ছুপাৰষ্টাৰ অজয় দেৱগনেও।

'থ্ৰী ইডিয়ট' ছবিৰ অভিনেতা আৰ মাধৱনেও তেওঁৰ জীৱনত শিক্ষকসকলে আগবঢ়োৱা নি:স্বাৰ্থ অৱদানৰ কথা স্মৰণ কৰি শিক্ষক দিৱসত টুইটযোগে শ্ৰদ্ধা জনায় ।

জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰায়ো শিক্ষাগুৰুক শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । জীৱনটোক ভালকৈ বুজা আৰু সুন্দৰকৈ গঢ়ি তোলাত সহায় কৰা প্ৰতিগৰাকী শিক্ষকক টুইটযোগে কৃতজ্ঞতা জ্ঞাপন কৰে।

ABOUT THE AUTHOR

...view details