নতুন দিল্লী, 25 আগষ্ট(এ.এন.আই): বিশ্ববিজয়ী পি.ভি সিন্ধুক প্ৰশংসাৰে ওপচাই পেলালে বি-টাউনবাসীয়ে ৷ ৰবিবাৰে অনুষ্ঠিত বি.ডব্লিউ.এফ ওৱৰ্ল্ড চেম্পিয়নশ্বিপৰ ফাইনেলত জাপানৰ নোজোমি ওকুহাৰাক হৰুৱাই বেডমিণ্টনৰ বিশ্ব চেম্পিয়নৰ পদক অৰ্জন কৰে সিন্ধুয়ে ৷ বেডমণ্টন ষ্টাৰ পি.ভি সিন্ধু এই অভিলেখ গঢ়া প্ৰথম গৰাকী ভাৰতীয় ৷
চুপাৰষ্টাৰ শ্বাহৰুখ খানে টুইটযোগে কয়, পি.ভি সিন্ধু অসাধাৰণ প্ৰতিভাৰ গৰাকী, তেওঁ দেশৰ গৌৰৱ, তেওঁলৈ অশেষ শুভকামনা৷
ছবি নিৰ্মাতা কৰণ জোহৰেও টুইটযোগে শুভকামনা জনাই কয়, এইয়া দেশৰ বাবে অতি গৌৰৱৰ মুহূৰ্ত ৷