চিটাৰা ডেস্ক,10 এপ্ৰিলঃবলীউড অভিনেত্ৰী মাধুৰী দীক্ষিত আৰু জেকলিন ফাৰণাণ্ডেজে লক ডাউনৰ সময়ছোৱাত নিজৰ মন পচন্দৰ কিতাপ পঢ়ি খালী সময়খিনি সদব্যৱহাৰ কৰাৰ প্ৰয়াস কৰিছে ৷ দুয়োগৰাকী তাৰকাই ছ'চিয়েল মিডিয়াযোগে জনাই যে, দুয়োৱে এইখিনি সময়ত পঢ়ি আছে মন পচন্দৰ কিতাপ ৷ ইনষ্টাগ্ৰাম যোগে দুয়োৱে প্ৰকাশ কৰে কিতাপ পঢ়ি থকা সময়ৰ ফটো ৷
লক ডাউনৰ সময়ছোৱাত বি-টাউন চেলিব্ৰেটীয়ে পঢ়িছে মন পচন্দৰ কিতাপ - বলীউড অভিনেত্ৰী জেকলিন ফাৰণাণ্ডেজ
লক ডাউনৰ বাবে সাধাৰণ ৰাইজৰ লগতে সকলো তাৰকা সোমাই আছে ঘৰে ঘৰে ৷ নিজৰ ঘৰত এই খালী সময়খিনিৰ সদ ব্যৱহাৰ কৰাৰ বাবে বহু তাৰকাই পঢ়িছে নিজৰ মন পচন্দৰ কিতাপ ৷
![লক ডাউনৰ সময়ছোৱাত বি-টাউন চেলিব্ৰেটীয়ে পঢ়িছে মন পচন্দৰ কিতাপ bollywood actors reading favourite books during lock down](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6740597-thumbnail-3x2-a.jpg)
লক ডাউনৰ সময়ছোৱাত বি-টাউন চেলিব্ৰেটীয়ে পঢ়িছে মন পচন্দৰ কিতাপ
'কিক' অভিনেত্ৰী জেকলিনে বৰ্তমান পঢ়ি আছে ইংৰাজী লেখক নিক হাৰ্ণৱীৰ উপন্যাস 'ফানী গাৰ্ল' ৷ ইফালে ধক ধক গাৰ্ল মাধুৰী দীক্ষিতে পঢ়ি আছে দক্ষিণ আফ্ৰিকাৰ জনপ্ৰিয় কমেডীয়ান ট্ৰেবৰ এণ্ড্ৰিউৰ আত্মকথা 'বৰ্ণ এ ক্ৰাইম' ৷
লগতে পঢ়কঃক'ভিড-19ৰোধৰ বাবে পুনৰ 3 কোটি টকা দিলে অক্ষয় কুমাৰে